সোণাৰি , ১৭ জানুৱাৰী : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নাম ভূমি কেলেংকাৰীৰ সৈতে সাঙোৰ খাই পৰাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি। আৰ বি এছ নামে চিহ্নিত হোৱা এই কেলেংকাৰীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্তৰ দাবী জনাই ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো ৰাজ্যপাল গৰাকীয়ে বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত সৰৱ হৈ এলানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এইবুলি আজি সোণাৰিত প্ৰকাশ কৰে
অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মূখপাত্ৰ মনোৰঞ্জন বৰগোহাঁয়ে। এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে আজি সোণাৰিত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এক সংবাদমেলত সংশ্লিষ্ট ভূমি কেলেংকাৰীৰ বিষয়টোত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে কংগ্ৰেছৰ ৰাজ্যিক মূখপাত্ৰ গৰাকীয়ে। সংবাদ মাধ্যমৰ যোগেদি এই ভূমি কেলেংকাৰীৰ বিষয়টো ৰাজ্যৰ সচেতন জনতা আৰু বৌদ্ধিক মহলৰ ওচৰত ডাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে বুলি বৰগোহাঁয়ে সংবাদমেলখনত উল্লেখ কৰে।
১৮ জানুৱাৰীত চৰাইদেউ জিলা কংগ্ৰেছৰ উদ্যোগত দলটোৰ অন্যান্য ভাতৃ আৰু ভগ্নী সংগঠনৰ সহযোগত এক শান্তিপূৰ্ণ সমদল বাহিৰ কৰি চৰাইদেউ জিলাৰ উপায়ুক্তৰ যোগেদি ৰাজ্যপাললৈ সংশ্লিষ্ট ভূমি কেলেংকাৰীৰ তদন্তৰ দাবী জনাই এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি বৰগোহাঁয়ে সংবাদমেল খনত প্ৰকাশ কৰে। উল্লেখযোগ্য যে সংবাদ মেলখনত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সুৰুজ দিহিঙীয়া, জিলা কংগ্ৰেছৰ সভাপতি পৱিত্ৰ শইকীয়া আদি উপস্থিত থাকে।
Comments