গুৱাহাটী, ২০ জানুৱাৰীঃ হাৱাই বিশ্ববিদ্যালয়ৰ উদ্যোগত সম্পন্ন হোৱা এক গৱেষণাত বৰ্তমান পৃথিৱীয়ে ষষ্ঠ সামূহিক বিলুপ্তিৰ পৰিঘটনাসমূহ প্ৰত্যক্ষ কৰিছে বুলি ঘোষণা কৰা হৈছে। প্ৰাণীসমূহৰ বিলুপ্তিৰ এই দ্ৰুত অৱনতিৰ বাবে গৱেষনাটোৱে বিনাদ্বিধাই মানুহৰ কাৰ্য্যকলাপকে দোষাৰোপ কৰিছে। প্ৰাকৃতিক কাৰণ বশতঃ পৃথিৱীখনৰ পাঁচোটাকৈ সামূহিক বিলুপ্তিৰ অভিজ্ঞতা হৈছিল। শেহতীয়া অৰ্থাৎ পঞ্চমটো হৈছিল প্ৰায় ৬.৫ কোটি বছৰৰ আগতে।
‘বায়’লজীকেল ৰিভিউজ’(Biological Reviews)ত প্ৰকাশিত উক্ত গৱেষণাত সাধাৰণ তথা দুষ্প্ৰাপ্য জীৱৰ বিশ্লেষণত দেখা গৈছে যে ঠাই বিশেষে স্থানীয় ভাৱে উপলব্ধ কোটি কোটি জীৱ ইতিমধ্যেই বিলুপ্ত হৈছে।
গৱেষনাটোত মানুহৰ জনসংখ্যা বৃদ্ধি আৰু প্ৰকৃতিৰ পৰা অতিৰিক্ত আহৰণকেই এই সংকটৰ বাবে দোষ দিয়াৰ লগতে এনে অৱস্থাই মানৱ সভ্যতাৰ অস্তিত্ব বিপন্ন কৰি তোলাৰ সকিয়নি দিয়া হৈছে। বন্যপ্ৰাণী এনেদৰে দ্ৰুতগতিত হ্ৰাস হোৱাটোক তেওঁলোকে “জীৱকুলৰ বিনাশ” (biological annihilation) বুলি অভিহিত কৰিছে।
গৱেষকসকলে উনুকীয়াই দিছে যে, ১৯০০ ৰ পৰা ২০১৫ চনৰ ভিতৰত সমীক্ষা চলোৱা ১৭৭টা স্তন্যপায়ী জীৱৰ প্ৰায় আধা খিনিৰে ৮০ শতাংশতকৈয়ো অধিক সংখ্যকৰ ভৌগোলিক বিতৰণ নিঃশেষ হৈছে। তদুপৰি গৱেষকৰ দলটোৱে উল্লেখ কৰে যে, প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ ‘ৰে’ড লিষ্ট অফ থ্ৰেটেণ্ড স্পিচিজ’ (Red List of Threatened Species)ত বহু বিলুপ্ত প্ৰাণীৰ অন্তৰ্ভুক্তি নহ’ল।
গৱেষণাটোৰ মূখ্য গৱেষক ৰবাৰ্ট ক’ৱিয়ে কয় যে, এই ৰে’ড লিষ্টখন পক্ষপাতদুষ্ট, কিয়নো বেছিভাগ অমেৰুদণ্ডী প্ৰাণীয়েই তাত ধৰা হোৱা নাই – যি পৃথিৱীৰ জৈৱ বৈচিত্ৰতাক বহুল মাত্ৰা প্ৰদান কৰে, অথচ যিবোৰৰ নাটকীয় বিলুপ্তি পৰিলক্ষিত হৈছে।
গৱেষনা পত্ৰখনত অমেৰুদণ্ডী প্ৰাণীসমূহৰ দৰে বহু উদ্ভিদো সংৰক্ষণৰ পক্ষপাত দুষ্টতাৰ বলী হোৱা বুলি প্ৰকাশ কৰিছে। পত্ৰখনত গৱেষকসকলক একগোট হৈ এনেদৰে প্ৰাণী বিলুপ্তিৰ প্ৰক্ৰিয়া ৰোধ কৰাত আগভাগ ল’বলৈ আহ্বান কৰা হৈছে। .
উক্ত গৱেষণাৰ ফলাফলসমূহ বিশ্বৰ অন্যতম ধনাধ্য ব্যক্তি এলন মাস্কৰ চকুত পৰাত তেওঁ টুইটাৰত লিখে যে, সূৰ্য্যৰ প্ৰসাৰৰ বাবে এদিন সকলো জীৱই বিলুপ্ত হৈ পৰাৰ এশ শতাংশই সম্ভাৱনা আছে। সেয়েহে তেওঁ তাৰ সমাধান হিচাপে অন্য গ্ৰহত জীৱৰ জীৱন বিস্তাৰৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে। আমি অন্য গ্ৰহলৈ টোপোলা বন্ধাতকৈ বৰ্তমানৰ আমাৰ গ্ৰহটোৰ অপৰিষ্কাৰখিনি পৰিষ্কাৰ কৰি লোৱাই হয়্তো শ্ৰেয়ঃ।
উৎসঃ ডাউন টু আৰ্থ ডট অ আৰ জি
Comments