গুৱাহাটী, ২১ জানুৱাৰীঃ গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ ব্যক্তিত্ব আছিল তেওঁৰ সাহিত্য কৃতিতকৈয়ো বিশাল।লেটিন আমেৰিকাৰ সাহিত্যত এক অনন্য যুগৰ সূচনা কৰিছিল কলম্বিয়াত জন্ম লোৱা এই ন’ৱেল বটাঁ বিজয়ী সাহিত্যিক গৰাকীয়ে।২০১৪ চনত ৮৭ বছৰ বয়সত তেওঁৰ মৃত্যুৰ সময়লৈকে ১৯৬৭ চনত প্ৰথম প্ৰকাশিত সাহিত্যিক গৰাকীৰ বহুপঠিত উপন্যাস ‘ৱান থাউজেণ্ড য়াৰ্ছ অফ ছলিটিউড’ ২ কোটি ৫০ লাখতকৈয়ো অধিক কপি বিক্ৰী হৈছিল।
আমেৰিকাৰ ‘ভেনিটি ফেয়াৰ’ নামৰ আলোচনীখনৰ ১৯৮৩ চনৰ মে’ মাহৰ সংখ্যাৰ বেটুপাতত তেওঁৰ এটি বিখ্যাত হৈ পৰা উক্তি প্ৰকাশ হৈছিল। সি আছিল – ‘‘প্ৰতিজন মানুহৰে তিনিটা জীৱন থাকেঃ এটা সামাজিক জীৱন, এটা ব্যক্তিগত জীৱন আৰু এটা গুপুত জীৱন”। এই উক্তিটো হঠাৎ আকৌ বিতৰ্কমূলক ভাৱে চৰ্চিত হৈছে, কাৰণ কলম্বিয়াৰ এক মাধ্যম গোষ্ঠী(এল য়ুনিভাৰ্চেল)য়ে যোৱা দেওবাৰে এটা বাতৰি প্ৰকাশ কৰিছিল যে- নব্বৈ দশকৰ আৰম্ভনিৰ সময়ত মেক্সিক’ৰ সাহিত্যিক ছুজানা কেট’ৰ সৈতে থকা মাৰ্কেজৰ বিবাহ বহিৰ্ভূত প্ৰেম সম্পৰ্কৰ এগৰাকী কন্যা সন্তান আছে যদিওবা সেই সময়ত মাৰ্কেজৰ বয়স আছিল ষাঠিৰো অধিক।
কেট’ আৰু মাৰ্কেজে কন্যা সন্তানটিৰ নাম দিছিল ইন্দিৰা। ইন্দিৰা কেট’ই মাকৰ উপাধি লিখে আৰু বৰ্তমান তেওঁৰ বয়স ৩১ বছৰ মান হ’ব। এছ’চিয়েটেড প্ৰেছৰ খবৰ অনুসৰি মেক্সিক’ মহানগৰত ইন্দিৰা এগৰাকী ডকুমেণ্টৰী প্ৰযোজক। ২০১৪ চনত মেক্সিক’ৰে পাৰ হোৱা প্ৰৱজনকাৰীসকলৰ বিষয়ে নিৰ্মাণ কৰা এখন ডকুমেণ্টৰীৰ বাবে তেওঁ বহুবাৰ পুৰস্কৃত হৈছিল।
১৯৫৬ চনতে বিবাহত সোমোৱা মাৰ্কেজৰ পত্নী মাৰ্চিদিছ বাৰ্শা পাৰ্ড’ৰ সৈতে বৈবাহিক সম্পৰ্ক অটুত থকাৰ সময়তেই এই প্ৰেমৰ সম্পৰ্কটো হৈছিল। মাৰ্কেজে পত্নীৰ সৈতে শেষলৈকে একেলগেই বাস কৰিছিল। মাৰ্কেজৰ পত্নীৰ মৃত্যু হৈছিল ২০২০ চনত। তেওঁলোকৰ দুজন পুত্ৰ সন্তান আছে।
এজন ইৰাকী প্ৰৱজনকাৰীৰ নাতিনী ছুজানা কেট’ আছিল মাৰ্কেজৰ ছাত্ৰী। মাৰ্কেজৰ সৈতে বয়সৰ ব্যৱধান প্ৰায় ৩৩ বছৰ মান। ছুজানাই মাৰ্কেজৰ সৈতে দুখন চিনেমাৰ চিত্ৰনাট্য লিখিছিল আৰু ১৯৯৬ চনত এখন আলোচনীৰ বাবে তেওঁৰ সাক্ষাৎকাৰো লৈছিল। মাৰ্কেজৰ দুজন আত্মীয়ই তেওঁৰ এই প্ৰেম সন্তানটি সম্পৰ্কে নিশ্চয়তা প্ৰদান কৰে। মাৰ্কেজৰ এগৰাকী ভাগিন শ্বানি গাৰ্চিয়া মাৰ্কেজে কয় যে, বহু বছৰৰ পৰাই তেওঁ ইন্দিৰাৰ কথা জানিছিল, কিন্তু সেই কথা প্ৰচাৰ মাধ্যমত কোৱা নাছিল কিয়নো তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ খুৰাকৰ ব্যক্তিগত জীৱনৰ কথা মুকলিকৈ ক’বলৈ মানা কৰিছিল আৰু লগতে খুৰীয়েকক দুখ দিবও খোজা নাছিল।
মাৰ্কেজৰ আন এজন ভাগিন গেব্ৰিয়েল এলিজিঅ’ টৰেছ গাৰ্চিয়াই কয় যে, ইন্দিৰাক কেতিয়াও লগ পোৱা নাই যদিও সামাজিক মাধ্যমৰ জড়িয়তে তেওঁৰ সৈতে সম্পৰ্ক ৰাখিছে। ভাগিনজনে জনোৱা মতে, মাৰ্কেজৰ পুত্ৰ দুজনো ইন্দিৰাৰ অস্তিত্বৰ সম্পৰ্কে জ্ঞাত।
দ্য এল য়ুনিভাৰ্চেলৰ খবৰ অনুসৰি মাৰ্কেজৰ জীয়াৰীৰ নাম ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ প্ৰতি সন্মান জনাই ৰখা হৈছিল। ইন্দিৰা গান্ধী আছিল ঔপন্যাসিক গৰাকীৰ এক বিমুগ্ধ পাঠক। নেতা হিচাপে ইন্দিৰা গান্ধীক ‘লাভ ইন দা টাইম অফ কলেৰা’ৰ লিখকজনেও প্ৰশংসা কৰিছিল।
লেটিন আমেৰিকা সম্পৰ্কে বিশদভাৱে জ্ঞাত প্ৰাক্তন ভাৰতীয় কূটনীতিবিদ ৰংগৰাজ বিশ্বনাথনে তেওঁৰ ফেইচবুক পৃষ্ঠাত লিখিছে যে, মাৰ্কেজে ১৯৮২ চনত নৱেল বঁটা পাওঁতে বিশ্বৰ নেতাসকলৰ ভিতৰত ইন্দিৰা গান্ধীয়েই তেওঁক প্ৰথম অভিনন্দন জ্ঞাপন কৰিছিল।
বিশ্বনাথনে লিখিছে, ছোভিয়েট নেতা লিঅ’নিড ব্ৰেশ্বনেভৰ অন্তিম সৎকাৰৰ সময়ত মস্কোত যেতিয়া শ্ৰী মতী গান্ধীয়ে ফিডেল কাষ্ট্ৰ’ক লগ পাইছিল, তেতিয়া তেওঁ ফিডেল কাষ্ট্ৰ’ক ভাৰতত অনুষ্ঠিত হ’বলগীয়া গোষ্ঠী নিৰপেক্ষ শীৰ্ষ সন্মিলনখনৰ সময়ত ফিডেলৰ বন্ধু মাৰ্কেজক ভাৰতলৈ লৈ আনিবলৈ কৈছিল।১৯৮৩ চনৰ গোষ্ঠী নিৰপেক্ষ শীৰ্ষ সন্মিলনখনলৈ কাষ্ট্ৰ’ৰ লগতে গাব’ অৰ্থাৎ মাৰ্কজো ভাৰতলৈ আহিছিল। ফিডেল কাষ্ট্ৰ’ক সামাজিক কায়দাৰে দলিছা পাৰি আদৰাৰ সময়ত গাব’ উৰাজাহাজৰ ভিতৰতে বহি আছিল। শ্ৰী মতী গান্ধীয়ে উৰাজাহাজৰ জখলাৰে ওপৰলৈ উঠি আহি ভিতৰত বহি থকা গাব’ক সম্ভাষণ জনাইছিল। মাৰ্কেজ দিল্লীত তিনিদিন আছিল।
শ্ৰী মতী গান্ধীৰে গাব’ৰ বাৰ্তালাপ হৈছিল আৰু ভাৰতৰ বিভিন্ন ঠাইত দীৰ্ঘ সময় কটোৱাকৈ তেওঁ গাব’ক ভাৰতলৈ আন এটা আমন্ত্ৰণ জনাইছিল। মাৰ্কেজে মন্তব্য দিছিল যে, ইন্দিৰা গান্ধী দেখিবলৈ আৰাকাতাকাৰ মহিলাৰ দৰে আছিল। আৰাকাতাকা আছিল মাৰ্কেজৰ কলম্বিয়াৰ জন্মভূমি, যিখন ঠাইৰ নাম তেওঁৰ উপন্যাসবোৰত মাক’ণ্ড’ বুলি জনা যায়।
১৯৮৪ চনত ইন্দিৰা গান্ধীৰ হত্যাৰ পিচত তেওঁ ভাৰত ভ্ৰমণলৈ অহাৰ চিন্তা এৰিছিল। এল য়ুনিভাৰ্চেলৰ বাতৰিত লিখিছে যে, “ইন্দিৰা গান্ধীৰ হত্যাৰ খবৰ পাই মাৰ্কেজ অতি মৰ্মাহত হৈছিল। তথাপি জ্ঞান আৰু সাহসেৰে পূৰ্ণ এক ব্যক্তিত্বৰূপে ইন্দিৰাৰ নামটো তেওঁৰ স্মৃতিৰ মণিকোঠাত সজীৱ হৈ ৰ’ল।”
সৌজন্যঃ দ্য ৱিক ডট ইন আৰু দ্যা প্ৰিণ্ট ডট ইন
Comments