গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ১৯ জানুৱাৰীক্তঃ উচচতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষা ১৫ মার্চৰ পৰা অনুষ্ঠিত হ’ব৷ আজি অসম উচচতৰ মাধ্যমিক শিক্ষা সংসদে পৰীক্ষাৰ সূচী ঘোষণা কৰিছে৷ ঘোষিত সূচী অনুসৰি কলা, বাণিজ্য আৰু বিজ্ঞান তিনিওটা শাখাৰ পৰীক্ষা ১৫ মার্চৰ পৰা ১২ এপ্রিললৈ চলিব৷ সেই অনুসৰি ১৫ মার্চত ইংৰাজী, ১৭ মার্চত অসমীয়া (এম আই এল), ঐচিছক ইংৰাজী,
২১ মার্চত পদার্থ বিজ্ঞান, একাউণ্টেন্সি আৰু শিক্ষা, ২৩ মার্চত অর্থনীতি, ২৫ মার্চত ৰয়াসন বিজ্ঞান, বিজনেছ ষ্টাডিছ আৰু ৰাজনীতি বিজ্ঞান, ২৬ মার্চত এণ্টাৰগ্রেনাৰশ্বিপ ডেভেলপমেণ্ট, ২৮ মার্চত জীৱ বিজ্ঞান, বীমা আৰু বুৰঞ্জী, ৩০ মার্চত দর্শন আৰু যুক্তি, বিত্ত, ফিজিঅ’ল’জী, ৩১ মার্চত মাল্টিমিডিয়া আৰু ৱেক টেকন’লজি, ১ এপ্রিলত গণিত, ২ এপ্রিলত ইক’নমিক জিঅ’গ্রাফী, গৃহ বিজ্ঞান, ৪ এপ্রিলত এনথ্র’প’লজি, ছ’চিঅ’লজি,
ছেলছমেনশ্বিপ আৰু এডভাৰটাইজিং, ৫ এপ্রিলত কম্পিউটাৰ ছায়েন্স, ৮ এপ্রিলত পৰিসংখ্যা, ৯ এপ্রিলত ঐচিছক ভাষা, আৰবী, পার্ছি আৰু সংস্কৃত, ১১ এপ্রিলত বিজনেছ মেথামেটিকছ, ভূগোল আৰু ভূতত্ত্বৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ অন্তিম দিনা ১২ এপ্রিলত বায়’টেকন’লজি বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ব্যাৱহাৰিক শিক্ষাত নতুনকৈ সংযোজিত হোৱা বিহু পাঠ্যক্রমৰো পৰীক্ষা এইবাৰ অনুষ্ঠিত হ’ব৷ আগবেলাৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা ১২ বজালৈ আৰু পিছবেলাৰ পৰীক্ষা দুপৰীয়া ১-৩০ বজাৰ পৰা ৪-৩০ বজালৈ অনুষ্ঠিত হ’ব বুলি পৰীক্ষা সূচীত উল্লেখ আছে৷
Comments