গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ১৯ জানুৱাৰীক্তঃ অসমৰ ভৌগোলিক পৰিসীমা সংকুচিত হোৱাটো কোনোপধ্যে মানি নলয় কংগ্রেছে৷ সীমা বিবাদ নিষ্পত্তিৰ নামত মেঘালয়ক অসমৰ মাটি এৰি দিয়াৰ ৰাজ্য চৰকাৰৰ হুৰমূৰ সিদ্ধান্তক কংগ্রেছে সমর্থন নকৰে৷ আজি এখন সংবাদমেলযোগে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই এই মন্তব্য কৰে৷
‘আজি মেঘালয়ক মাটি এৰি দিলে কাইলৈ নগালেণ্ড, মিজোৰাম, অৰুণাচলকো অসমে সীমা সমস্যা সমাধানৰ নামত মাটি এৰি দিব লাগিব৷ এজন মানুহৰ নিজৰ ৰাজনৈতিক উচচাকাংক্ষা সুৰক্ষিত কৰাৰ স্বার্থত, নেডাৰ আহবায়কৰ পদ সুৰক্ষিত ৰখাৰ স্বার্থত হকে-বিহকে সিদ্ধান্ত লোৱা হৈছে৷’ সংবাদমেলত এই অভিযোগ কৰে প্রদেশ কংগ্রেছৰ সভাপতিজনে৷ ভূপেন বৰাই এই বুলিও অভিযোগ কৰে যে জাতি, মাটি,
ভেটি ৰক্ষাৰ প্রতিশ্রুতি বিজেপি চৰকাৰে ভংগ কৰিছে৷ ‘মিজোৰামৰ লগত সংঘাতৰ সময়ত অসম আৰক্ষীৰ ৬ জন জোৱান শ্বহীদ হওঁতে মুখ্যমন্ত্রীয়ে কৈছিল– লাগিলে বৰাক উপত্যকা লৈ লওক, দিছপুৰ লৈ লওক, কিন্তু গুলী ফুটাব নালাগে৷ ৰাজ্য চৰকাৰে এতিয়া তাকেই কৰিবলৈ আগবাঢ়িছে৷’ এইদৰে চৰকাৰক চোকা সমালোচনা কৰে ভূপেন বৰাই৷ কংগ্রেছে বিধানসভাৰ উপৰি ৰাজ্য সভা আৰু লোক সভাত এই বিষয়টো উত্থাপন কৰিব৷ লগতে ৰাইজৰ ওচৰলৈ লৈ যাব বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে৷
Comments