গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ১৯ জানুৱাৰী ঃ বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ সৈতে হোৱা বার্লাপৰ অডিঅ’ ৰেকর্ডিং ভাইৰেল হোৱা সন্দর্ভত আজি আৰক্ষী সঞ্চালকপ্রধানৰ কার্যালয়ত হাজিৰ হয় নাৰায়ণপুৰৰ ভাৰপ্রাপ্ত বিষয়া পুষ্পকমল বৰুৱা৷ কালিয়েই নাৰায়ণপুৰৰ পৰা আহি গুৱাহাটীত বাহৰ পতা অ’ চি বৰুৱাই আজি ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙৰ কার্যালয়ত হাজিৰ হৈ বিষয়টো সন্দর্ভত নিজৰ বক্তব্য প্রদান কৰে৷
উল্লেখযোগ্য যে বিধায়ক অমিয় ভূঞাৰ সৈতে হোৱা বার্লাপৰ অডিঅ’ ৰেকর্ডিং ভাইৰেল হোৱাৰ পাছত এয়া আইন উলংঘন হোৱা বুলি মত প্রকাশ কৰিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তাৰ পাছতে ডি জি পি কার্যালয়লৈ তেওঁক তলব কৰা হৈছিল৷ যোৱা তিনি জানুৱাৰীত নাৰায়ণপুৰত নির্মাণ হৈ থকা মাধৱদেৱ কলাক্ষেত্রৰ নির্মাণ প্রক্রিয়াত বাধা প্রদান কৰাৰ অভিযোগত আৰক্ষী বিষয়াজনে দুজন যুৱকক আটক কৰিছিল৷
তেওঁলোকক তীব্র নির্যাতন চলোৱাৰ অভিযোগো উঠিছিল৷ তাৰ পাছতে বিষয়টো সন্দর্ভত বিষয়াজনলৈ ফ’ন কৰি ঘটনাৰ বুজ লৈছিল বিধায়ক ভূঞাই৷ বিধায়কজনে তেওঁৰ সমষ্টিৰ মানুহক অযথা হাৰাশাস্তি নকৰিবলৈয়ো বিষয়াজনক সকীয়াই দিছিল৷ সেই কথোপকথন ৰেকর্ডিং হৈছিল৷ পৰৱর্তী পর্যায়ত সেই ৰেকর্ডিং ভাইৰেল হৈছিল৷
আজি এই ৰেকর্ডিং অ’ চি পুষ্পকমল বৰুৱাই ভাইৰেল কৰা নাছিল বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে৷ তেওঁ ৰেকর্ডিং কিদৰে ভাইৰেল হ’ল সেই সন্দর্ভত ক’বলগীয়া কথাখিনি শীর্ষ বিষয়াৰ আগত অৱগত কৰা বুলি কয়৷ প্রণিধানযোগ্য যে বিধায়কজনে ভাৰপ্রাপ্ত বিষয়া বৰুৱাৰ ফোনলৈ ফোন কৰা নাছিল বুলি জানিব পৰা গৈছে৷
প্রাপ্ত তথ্য অনুসৰি বিহপুৰীয়াৰ এজন যুৱকে নিজৰ ফোনেৰে বিধায়কজনলৈ ফোন কৰি ফোনটো বিষয়াজনক কথা পাতিবৰ বাবে দি দিছিল৷ সেই ফোনটোতে তেওঁলোকৰ কথোপকথন ৰেক’র্ডিং হোৱাৰ লগতে যুৱকজনেই ফোন টেপিং ভাইৰেল কৰা বুলি সন্দেহ কৰা হৈছে৷ আনহাতে, আৰক্ষী সঞ্চালকপ্রধানজনে ফ’ন টেপিং কৰাক লৈ যি পদক্ষেপ লৈ আছে তাত ক’বলগীয়া নাথাকিলেও বিজেপিৰ বিধায়কে চৰকাৰী বিষয়াক ভাবুকি দি থকা সন্দর্ভত মুখ্যমন্ত্রীয়ে কি পদক্ষেপ গ্রহণ কৰিব বুলি প্রশ্ন কৰিছে কংগ্রেছ নেতা জাকিৰ হুছেইন শিকদাৰে৷
প্রণিধানযোগ্য যে অ’ চি বৰুৱাৰ ফ’ন টেপিং ভাইৰেল হোৱাৰ পাছতে সম্প্রতি নগাঁৱত কার্যনির্বাহ কৰি থকা এগৰাকী এছ আই জোনমণি ৰাভাৰ সৈতে বিধায়কজনৰ হোৱা কথা কটাকটিৰ ফ’ন টেপিংটো ভাইৰেল হৈছিল৷ এতিয়া তেওঁৰ বিৰুদ্ধেও ডি জি পিৰ কার্যালয়ে ব্যৱস্থা গ্রহণ কৰাৰ সম্ভাৱনা প্রকট হৈছে৷ প্রণিধানযোগ্য যে মুখ্যমন্ত্রী ড০ শর্মাই জনপ্রতিনিধিৰ ফ’ন টেপিং আইন বিৰুদ্ধ বুলি সদৰী কৰি এনে অশুভ পৰম্পৰা আৰম্ভ নকৰিবলৈ সকলোলৈ আহবান জনাইছিল৷
Comments