ডিফু ঃ ষ্টাফ ৰিপ’র্ৰ, ১৯ জানুৱাৰী ঃ ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত আজি বিজেপি- নেতৃত্বাধীন অসম চৰকাৰৰ তৃতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয়৷ আজি বিয়লি ২-৩০ Âবজাৰ পৰা আৰম্ভ হোৱা কেবিনেট বৈঠকৰ অন্তত বিয়লি এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রীয়ে আজিৰ কেবিনেট অধিৱেশনৰ সবিশেষ ব্যাখ্যা আগবঢ়ায়৷ মুখ্যমন্ত্রীয়ে অসম চৰকাৰৰ পৰৱর্তী কেবিনেট বৈঠক মার্চ অথবা ৰঙালী বিহুৰ আগে আগে শিলচৰত অনুষ্ঠিত কৰা হ’ব বুলি সংবাদমেলত ঘোষণা কৰে
৷ অহা ২৪ জানুৱাৰীত অসমৰ সবোর্চচ অসামৰিক সন্মান ক্রমে অসম সৌৰভ, অসম বৈভৱ আৰু অসম গৌৰৱ বঁটা প্রদান কৰাৰ লগতে এই সন্দর্ভত আজিৰ কেবিনেটত পুংখানুপুংখ আলোচনা কৰা হয় বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে৷ এই সন্দর্ভত সকলো কাম সুচাৰুৰূপে সম্পন্ন হোৱাটো নিশ্চিত হোৱাৰ বাবে ভাগে ভাগে সকলো মন্ত্রীকে দায়িত্ব ভগাই দিয়া বুলি মুখ্যমন্ত্রীয়ে অৱগত কৰে৷ আজিৰ কেবিনেটত অসমৰ দুখন মহাবিদ্যালয়ত বাণিজ্য শাখা নতুনকৈ প্রৱর্তনৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি, মৰিগাঁও মহাবিদ্যালয় আৰু শুৱালকুছি মহাবিদ্যালয়ত নতুনকৈ বাণিজ্য শাখা প্রৱর্তন কৰা হ’ব৷
আনহাতে, ধেমাজিৰ মৰিধল মহাবিদ্যালয়, ভৱানীপুৰ মহাবিদ্যালয়, শালবাৰী মহাবিদ্যালয়, টিংখং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয়, বাসুগাঁও কলেজ, বাক৲সাৰ বি বি কিষাণ মহাবিদ্যালয় আৰু কাছাৰৰ মাধৱ চন্দ্র দাস মহাবিদ্যালয়ত নতুনকৈ বিজ্ঞান শাখা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷
সেই অনুসৰি ৰাজ্যত নতুনকৈ দুখন মহাবিদ্যালয়ত বাণিজ্য শাখা আৰু ৮খন মহাবিদ্যালয়ত নতুনকৈ বিজ্ঞান শাখা আৰম্ভ কৰিবৰ বাবে আজিৰ কেবিনেটে অনুমোদন কৰে৷ এই শিক্ষানুষ্ঠানসমূহত পৰৱর্তী শিক্ষাবর্ষৰ পৰা এই নতুন শাখাসমূহত পাঠদান মুকলি কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে কয়৷ আনহাতে, শিলচৰৰ ঢলাই সমষ্টিত ২১৪ কোটি টকা ব্যয়সাপেক্ষে এখন নতুন চিৰিয়াখানা স্থাপন কৰাৰ বাবেও কেবিনেটে অনুমোদন জনায়৷ অসমৰ দ্বিতীয়খন চিৰিয়াখানা হিচাপে চিহিুত হ’বলগীয়া এইখন চিৰিয়াখানাত জীৱ-জন্তুসমূহক কোনো বন্ধ কোঠাত নাৰাখি মুকলিকৈ ৰখা হ’ব বুলি মুখ্যমন্ত্রীয়ে কয়৷
এইক্ষেত্রত দর্শনকাৰীসকলেহে বন্ধ স্থানত থাকি এই মুক্ত চিৰিয়াখানা দর্শন কৰিব লাগিব৷ অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যাপক-অধ্যাপিকাসকলৰ পদ উন্নীতকৰণৰ ক্ষেত্রত কিছু বাধা আছিল বুলি উল্লেখ কৰি নির্দিষ্ট সময় ধৰি নির্দিষ্ট পদত কাম কৰাৰ পাছত পদোন্নতি হোৱাটো চৰকাৰী নিয়ম যদিও পদবীৰ অভাৱত এনে পদোন্নতি দিব পৰা হোৱা নাছিল৷
এই লৈ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ মাজত একপ্রকাৰ অসন্তুষ্টি আছিল যদিও আজি ‘এছিউৰড কেৰিয়াৰ প্রমোছন স্কীম’ৰ জৰিয়তে নির্দিষ্ট সময়ৰ ভিতৰত পদোন্নতি নিশ্চিত কৰা বুলি মুখ্যমন্ত্রীয়ে কয়৷ এতিয়াৰে পৰা খালী পদ থাকক বা নাথাকক অসমৰ চিকিৎসা মহাবিদ্যালয়ত কর্মৰত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলে সর্বভাৰতীয় পর্যায়ত অন্য অধ্যাপক-অধ্যাপিকাসকলে লাভ কৰাৰ দৰে সমানে পদোন্নতিৰ সুযোগ লাভ কৰিব৷
তদুপৰি আজিৰ কেবিনেটে মৰাণ স্বায়ত্তশাসিত পৰিষদ, মটক স্বায়ত্তশাসিত পৰিষদ, বড়ো-কছাৰী ৱেলফেয়াৰ অট’নমাছ কাউন্সিল, কমতাপুৰ স্বয়ত্তশাসিত পৰিষদৰ নির্বাচনৰ বিধিসমূহত অনুমোদন জনায়৷ এই আটাইকেইখন স্বায়ত্তশাসিত পৰিষদত অনতিপলমে নির্বাচন অনুষ্ঠিত কৰিবৰ বাবে কেবিনেটে এই অনুমোদন জনায়৷
উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন সমস্যাৰ ভিতৰত অন্যতম হিচাপে পৰিচিত কর্মচাৰীৰ দৰমহাৰ সমস্যাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে জিলাখনত কর্মৰত প্রায় এশগৰাকী প্রথম আৰু দ্বিতীয় শ্রেণীৰ বিষয়াৰ দৰমহা পূর্বে পৰিষদে প্রদান কৰিছিল যদিও এতিয়াৰে পৰা অসম চৰকাৰে এই দৰমহা প্রদান কৰাৰ দায়িত্ব লোৱা বুলি কয়৷ আনহাতে, ইয়াৰ পৰা ৰাহি হোৱা ধনেৰে পৰিষদে অন্য চৰকাৰী কর্মচাৰীসকলক দৰমহা প্রদানত সুবিধা হোৱাৰ লগতে ই পৰিষদখনক এক বৃহৎ আর্থিক সকাহ প্রদান কৰিব বুলি আশা প্রকাশ কৰে৷
হাফলঙৰ নির্মীয়মাণ ষ্টেডিয়ামৰ বাবে অতিৰিক্ত ২০ কোটি টকা আগবঢ়োৱাৰ বাবেও আজিৰ কেবিনেটে অনুমোদন জনায়৷ হাফলং নগৰত পানী যোগান আঁচনিৰ অভাৱৰ বাবে পানীৰ ক্ষেত্রত নগৰবাসীয়ে অসুবিধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি হফলঙত পানী যোগান আঁচনিৰ বাবে ৰাজ্য চৰকাৰে ১১০ কোটি টকা আগ বঢ়াবৰ বাবেও ৰাজ্যৰ কেবিনেটে অনুমোদন আগবঢ়ায়৷ পার্বত্য জিলাখনত অপূর্ব পর্যটনৰ সম্ভাৱনাৰ প্রসংগ উল্লেখ কৰি জিলাখনৰ উমৰাংছ’, পানীমূৰ আৰু হাফলঙৰ পর্যটন আন্তঃগাঁথনি নির্মাণৰ বাবে পঞ্চাশ কোটি টকা আগবঢ়াবৰ বাবেও আজিৰ কেবিনেটে অনুমোদন জনায়৷
Comments