গুৱাহাটী, ২০ জানুৱাৰীঃ এজন ব্ৰিটিছ প্ৰবক্তাক কেৱল উচ্চ স্বৰত পাঠদান কৰাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৰ্খাস্ত কৰে। প্ৰবক্তাজনে বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আদালতৰ কাষ চাপে আৰু শেহতীয়াকৈ আদালতে তেওঁৰ পক্ষত ৰায় প্ৰদান কৰিছে। আদালতে প্ৰবক্তাজনক ক্ষতিপূৰণ হিচাপে ১,০০,০০০ পাউণ্ড (১,০১,৫৩,০৮০ টকা) পৰিশোধ কৰিবলৈও নিৰ্দেশ দিছে।
বাতৰি অনুসৰি, ৬০ বছৰীয়া এনেট প্লাউটে ৩০ বছৰ ধৰি এক্সেটাৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত অধ্যাপনা কৰি আহিছে। কিন্তু বিশ্ববিদ্যালয় পৰিচালনা সমিতিয়ে তেওঁক কেৱল এইকাৰণেই বৰ্খাস্ত কৰিছে কাৰণ তেওঁৰ কণ্ঠস্বৰ আন প্ৰবক্তাতকৈ ডাঙৰ আৰু কৰ্কশ।
ইপিনে, গোচৰটোৰ শুনানিৰ সময়ত, বিশ্ববিদ্যালয়খনে আদালতক কৈছে যে, "এনেটৰ পাঠদান অতি উচ্চ স্বৰৰ আছিল যি এক কাজিয়াপূৰ্ণ পৰিৱেশ সৃষ্টি কৰে। ইয়াৰ বাহিৰেও এনেটে পদাৰ্থ বিজ্ঞান বিষয়ৰ প্ৰতি নিজৰ প্ৰেম দেখুৱাবলৈ হাতত হাত দি কথা কয়।" বিশ্ববিদ্যালয়খনৰ অধিবক্তাই এইটোও কৈছে যে, "এনেটৰ বহুতো সহকৰ্মীয়ে তেওঁৰ উচ্চ স্বৰৰ বাবে অসুবিধাত পৰিছে। একে সময়তে, প্ৰবক্তা এনেটৰ অধিবক্তাই কয় যে, "শিক্ষাৰ্থীসকলে তেওঁৰ এই মাতৰ বাবে কেতিয়াও কোনো সমস্যাৰ সন্মুখীন হোৱা নাই।"
পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তাগৰাকীক প্ৰথমে নিলম্বিত কৰা হৈছিল আৰু তাৰ পিছত ২০১৯ চনৰ ডিচেম্বৰত এক অনুশাসনমূলক শুনানিৰ পিছত বৰ্খাস্ত কৰা হৈছিল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অভিযোগ উত্থাপিত কৰিছে যে, এনেটে পি এইচ ডি শিক্ষাৰ্থীসকলক চিঞৰে, যাৰ বাবে তেওঁ চাপত ভুগি আছে। ইয়াৰ পিছত প্ৰবক্তা গৰাকীয়ে বিশ্ববিদ্যালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে আদালতলৈ গৈছে।" কিন্তু আদালতে এতিয়া সকলো যুক্তি শুনি এনেটৰ পক্ষত ৰায় দিছে।
এনেট প্লাউটে আদালতক কৈছে যে, "মই পূব ইউৰোপীয় ইহুদী পৰিয়ালৰ। আমাক সদায়ে কথাবোৰ জোৰকৈ ক'বলৈ শিকোৱা হয়। মই ইচ্ছাকৃতভাৱে কাকো হাৰাশাস্তি কৰিবলৈ উচ্চ স্বৰত পাঠদান কৰোৱা নাই, মোৰ স্বাভাৱিক কণ্ঠস্বৰ এনেকুৱাই।" শেষত আদালতে এই যুক্তিবোৰ শুনি এই সিদ্ধান্তত উপনীত হয় যে, এনেট প্লাউটক অন্যায়ভাৱে বৰ্খাস্ত কৰা হৈছে আৰু সেয়েহে ক্ষতিপূৰণ হিচাপে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ১,০০,০০০ পাউণ্ড দিব লাগিব৷ অৱশ্যে আদালতে জাতি আৰু লিংগৰ ভিত্তিত প্ৰবক্তাৰ বৈষম্য আৰু নিৰ্যাতনৰ দাবী নাকচ কৰে।
Comments