গুৱাহাটী, ২০ জানুৱাৰীঃ আলজেৰিয়াত, য'ত তাপমাত্ৰা ৫৭ ডিগ্ৰী লৈকে থাকে, তাত তাপমাত্ৰা -২ ডিগ্ৰীলৈ হ্ৰাস পাইছে। যাৰ ফলত চাহাৰা মৰুভূমিৰ বালিত পৰা তুষাৰপাতৰ এক অগতানুগতিক দৃশ্য উদ্ভৱ হৈছে। উষ্ণতাৰ এক বিৰল পৰিঘটনাৰ বাবে শেহতীয়াকৈ এই আচৰিত দৃশ্যবোৰ সন্মুখলৈ আহিছে।
মৰুভূমিত, এই বৰফে পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমিৰ টিলাবোৰ আৱৰি ৰাখিছিল, য'ত সৰ্বাধিক তাপমাত্ৰা ৫৮ ডিগ্ৰী চেলচিয়াছ লৈকে নথিভুক্ত কৰা হয়। আলজেৰিয়াৰ অইন চেফ্ৰা চহৰত ১৮ জানুৱাৰী, ২০২২ তাৰিখে বালিত পৰি থকা বৰফৰ এক পাতল চাদৰৰ আলোকচিত্ৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
আলজেৰিয়াৰ চহৰখনত নিশা তাপমাত্ৰা -২ চেণ্টিগ্ৰেডলৈ হ্ৰাস পাইছিল। সাধাৰণতে গৰম বালিৰ ওপৰত পৰা বৰফখিনিয়ে এক অদ্ভুত দৃশ্যৰ সৃষ্টি কৰিছিল। ৪২ বছৰত পঞ্চমবাৰৰ বাবে আলজেৰিয়াৰ চহৰত বৰফ দেখা গৈছে। অন্তিম চাৰিটা বৰফ পৰা বছৰ কেইটা হ’ল ক্ৰমে ১৯৭৯, ২০১৬, ২০১৮ আৰু ২০২১ চন।
বৰফ পৰা এই ঠাইখন সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৩,০০০ ফুট ওপৰত আছে। অইন চেৰ্ফাক 'মৰুভূমিৰ প্ৰৱেশদ্বাৰ' বুলি জনা যায়। এই ঠাইখন এটলাছ পৰ্বতমালাৰে আগুৰি আছে। উত্তৰ আফ্ৰিকাৰ বেছিভাগ অংশ সামৰি চাহাৰা মৰুভূমিত যোৱা কেইবালাখ বছৰ ধৰি এনেদৰে জলবায়ু পৰিৱৰ্তন, উষ্ণতা পৰিৱৰ্তন আৰু বিভিন্ন আৰ্দ্ৰতাৰ বহু পৰ্যায় চলি আহিছে।
Comments