জগদুৱাৰ,২০ জানুৱাৰী: সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক তেওঁৰ ৩২ সংখ্যক মৃত্যু দিৱসৰ দিনা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অগপই ৷ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ টীয়ক ভগামুখস্থিত সমাধি স্থলীত শ্ৰদ্ধাঞ্জলি জনায় তেখেতৰ সহধৰ্মিনী ৰেণুপমা ৰাজখোৱাই ৷
সমাধি স্থলীত দলীয় পতাকা উত্তোলন কৰে ভগামুখ আঞ্চলিক পৰিষদৰ সভাপতি পৰেশ শইকীয়াই । শ্বহীদ তৰ্পন কৰে কেন্দ্ৰীয় সদস্য পৰেশ বৰা আৰু প্ৰশান্ত বৰাই। সমষ্টিটোৰ বিধায়িকা তথা ৰাজখোৱাৰ সহধৰ্মিনী ৰেণুপমা ৰাজখোৱাই প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷প্ৰয়াত মন্ত্ৰী গৰাকীৰ পত্নী তথা সমষ্টিটোৰ বিধায়িকা গৰাকীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে অগপৰ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াই প্ৰয়াত ৰাজখোৱাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰে ।
ললিত চন্দ্ৰ ৰাজখোৱা স্মৃতি ভৱনত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰি প্ৰয়াত নেতা গৰাকীৰ আদৰ্শেৰে অনাগত দিনত আগুৱাই যোৱাৰ সংকল্প লয়। অনুষ্ঠানত যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰানজিত হাজৰিকা, অগপ টীয়ক বিধান পৰিষদৰ সম্পাদক দ্বয় দীপক বৰা , মহেন্দ্ৰ গগৈ উপস্থিত থাকে।
Comments