Cartoon
View Older
গুৱাহাটী,২০ জানুৱাৰী: অমিক্রনৰ আতঙ্ক সমগ্র বিশ্বতে বিয়পিছে। ভাৰততো ব্যতিক্রম নহয়। বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে অতিমাৰি শেষ হ’বলৈ বহু দিন বাকী। এই পৰিস্থিতিত যাত্রীবাহী আন্তর্জাতিক বিমান চলাচলৰ ওপৰত নিষেধাজ্ঞাৰ ম্যাদ পুনৰ বৃদ্ধি কৰিলে কেন্দ্রই। বুধবাৰে নিশা এই সংক্রান্তত নতুন নির্দেশনা জাৰি কৰিছে অসামৰিক বিমান সেৱাৰ ডিৰেক্টৰ জেনেৰেল বা ডিজিচিএই।
নতুন নির্দেশনাটোত কোৱা হৈছে, যাত্রীবাহী আন্তর্জাতিক বিমান চলাচল সেৱাৰ ওপৰত নিষেধাজ্ঞা ২৮ ফেব্রুৱাৰী পৰ্যন্ত বৃদ্ধি কৰা হ’ল। অৱশ্যে পণ্য পৰিবাহী বিমানৰ ওপৰত কোনো নিষেধাজ্ঞা নাই। জৈৱ বলয়ৰ মাজেৰে আন্তর্জাতিক বিমান চলাচল কৰা নীতিতো কোনো হেৰফেৰ কৰা হোৱা নাই। উল্লেখযোগ্য যে, ২০২০ চনৰ ২৩ মার্চৰ পৰা বন্ধ আছে এই উড়ান পৰিসেৱা।
Comments