গুৱাহাটী,২০ জানুৱাৰী:ম'বাইল ফোন ব্যৱহাৰকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আছে কিয়নো আজিৰ পৰা কিছুমান লোকৰ চিম বন্ধ হৈ পৰিব। দৰাচলতে, যোৱা বছৰ ৭ ডিচেম্বৰ, ২০২১ তাৰিখে দূৰসংযোগ বিভাগৰ পৰা এটা নিৰ্দেশ ওলাইছিল। এই আদেশৰ অধীনত, অধিক চিম কাৰ্ড ব্যৱহাৰ কৰা লোকসকলৰ চিমবোৰৰ সেৱা বাতিল কৰাৰ নিৰ্দেশ দিয়া হৈছিল।
আদেশৰ অধীনত, ব্যৱহাৰকাৰীসকলৰ লগত থকা ৯ খনতকৈ অধিক চিম পুনৰ-প্ৰমাণিত কৰিবলৈ কোৱা হৈছিল আৰু ইয়াৰ বাবে ৪৫ দিনৰ সময় দিয়া হৈছিল।আজি সেই আদেশৰ সময়সীমা শেষ হ'ব। এই ক্ষেত্ৰত, চিম প্ৰমাণীকৰণ অবিহনে ৯ খনতকৈ অধিক চিম চলাই থকা লোকৰ আউট-গইং কল বন্ধ কৰা হ'ব। চিমবোৰ ৬০ দিনৰ ভিতৰত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব।
টেলিকম বিভাগৰ নতুন নিয়ম অনুসৰি, ভাৰতৰ যিকোনো নাগৰিকৰ হাতত ৯ খন চিম থাকিব পাৰে। আনহাতে জম্মু আৰু কাশ্মীৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৬ খন চিমৰ অনুমতি দিয়া হৈছে। নতুন নিয়ম অনুসৰি, আপত্তিজনক কলৰ ঘটনা তথা অনলাইন প্ৰৱঞ্চনা ৰোধ কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে।
Comments