গুৱাহাটী,২০ জানুৱাৰী:কৰণ জোহৰে এগৰাকী পৰিচালক তথা প্ৰযোজক হিচাবে বহুতো স্মৰণীয় ছবি ৰাইজক উপহাৰ দিছে। তেওঁক সোনকালেই এটি অনুষ্ঠানৰ এগৰাকী বিচাৰকৰ আসনত দেখিবলৈ পোৱা যাব। এই অনুষ্ঠানটোৰ প্ৰথম খণ্ডটো সোনকালেই সম্প্ৰচাৰত হ’ব। ৰাষ্ট্ৰীয় চেনেল কালাৰ্ছে অলপতে ছচিয়েল মিডিয়া একাউণ্টত ‘হুনাৰবাজ-দেশ কি শান’ অনুষ্ঠানটোৰ এটা নতুন প্ৰমো মুকলি কৰিছিল য’ত কৰণ জহৰ প্ৰতিযোগীসকলৰ সৈতে আৱেগিক হোৱা দেখা গৈছিল।
এই প্ৰ’মোটোত, এজন যুৱ প্ৰতিযোগীয়ে “অগ্নিপথ” ছবিখনৰ এটি গান ‘অভি মুঝেমে কহি বাকী থৌড়ী চি হে জিন্দেগী’ ত বাঁহী বজাই নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ হুনাৰবাজৰ মঞ্চলৈ আহিছিল। প্ৰতিযোগী গৰাকীৰ এই পৰিৱেশন দেখি কৰণ জোহৰ যথেষ্ট আৱেগিক হৈ পৰিছিল।
মিথুন চক্ৰৱৰ্তী, যি তেতিয়া অনুষ্ঠানটোৰ বিচাৰক পেনেলত আছে, তেওঁক সুধিছিল যে, কৰণ জহৰত আৱেগিক হোৱাৰ কাৰণ কি? তেতিয়া কৰণ জহৰে উত্তৰত কয় যে, “মই এই গানটো শুনি মোৰ দেউতাক মনত পেলাইছোঁ।” ২০০৪ চনত তেওঁৰ মৃত্যু হয়। চিনেমাখন দেউতাৰ হৃদয়ৰ খুব ওচৰত আছিল আৰু যেতিয়া আমি এই চিনেমাখন পুনৰ নিৰ্মাণ কৰিছিলো। মই নাজানো ইয়াৰ কাৰণ কি, কিন্তু এই গানটোৱে মোক তেওঁৰ কথা মনত পেলাই দিয়ে।
Comments