গুৱাহাটী, ২০ জানুৱাৰীঃ বলীউড অভিনেতা আমিৰ খান আৰু অভিনেত্রী কৰীণা কাপুৰ আহিবলগীয়া নতুন ছবি লাল সিং চাড্ডা বাবে আলোচনাৰ বিষয় হৈ আছে। এই চিনেমাখন চাবলৈ অনুৰাগীসকলেও আগ্ৰহেৰে অপেক্ষা কৰি আছে। দুয়োজন তাৰকাৰ অনস্ক্ৰীণ যুটি বহুতেই ভাল পায় আৰু লগতে কৰীণা আৰু আমিৰও বহুত ভাল বন্ধু। এবাৰ আমিৰ খানে এক বিশেষ ধৰণৰ ডিজাইনাৰ শাৰী কিনি কৰীণাক উপহাৰ দিছিল, যাৰ বাবে তেওঁ চাৰিগুণ বেছি মূল্য পৰিশোধ কৰিছিল। এই ঘটনাটো প্ৰায় ১৩ বছৰ পুৰণি। ২০০৯ চনত, আমিৰ খানে মধ্য প্ৰদেশৰ চান্দেৰী চহৰত কৰীণা কাপুৰক ফোন কৰিছিল য'ৰ শাৰী সমগ্ৰ বিশ্বতে বিখ্যাত।
কৰীণা কেইবা ঘণ্টা ভ্ৰমণ কৰাৰ পিছত উক্ত ঠাইখন পাইছিল, যাৰ পিছত আমিৰে কৰীণাক সেই দামী চান্দেৰী শাৰীখন উপহাৰ হিচাপে দিছিল। ইয়াৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত বাৰুকৈয়ে ভাইৰেল হৈ পৰিছে, য'ত আমিৰক কৰীণা কাপুৰৰ বাবে এখন শাৰী ক্ৰয় কৰা দেখা গৈছে।
ভিডিঅ'টোত, আমিৰ খানে দোকানীজনক সুধিছে, "মই এই শাৰীখন কিনিব পাৰিম নেকি?" ইয়াৰ প্ৰত্যুত্তৰত দোকানীয়ে ক'লে, "হয় নিশ্চয় পাৰিব।" আমিৰে আকৌ কয়, মই কৰীণাৰ বাবে এই শাৰীখন কিনিম। এই শাৰীখন মোৰ ফালৰ পৰা তেওঁক উপহাৰ দিম। মই এই শাৰীখনৰ বাবে আপোনাক ৬,৫০০ হাজাৰ টকা নহয়, মই আপোনাক ২৫ হাজাৰ টকা দিম কাৰণ এইটোৱে এই শাৰীখনৰ প্ৰকৃত বজাৰ মূল্য।" ইপিনে, দোকানীজনে প্ৰথমে উক্ত ধনৰাশি ল'বলৈ অস্বীকাৰ কৰে যদিও পিছত ল'বলৈ সন্মত হয়। এনেদৰে, আমিৰে শাৰীখনৰ বাবে চাৰিগুণ বেছি মূল্য পৰিশোধ কৰিছিল। ইয়াৰ পিছত, ভিডিঅ'টোত, কৰীণাক শাৰীখন পিন্ধিবলৈ চেষ্টা কৰা দেখা গৈছে।
Comments