গুৱাহাটী, ২১ জানুৱাৰীঃ ৰাজ্যত বিগত ২৪ ঘন্টাত ৭,৯২৯ জন লোক নতুনকৈ ক'ভিড আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াকে লৈ ৰাজ্যখনত সক্রিয় ক'ভিড আক্রান্ত ৰোগীৰ হাৰ টা ৪১,১১৮ লৈ বৃদ্ধি হয়। লগতে পজিটিভ ৰোগীৰ হাৰ ১২.৯২ শতাংশলৈ বৃদ্ধি পাইছে।
ৰাজ্যিক ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে প্ৰকাশ কৰা তথ্য অনুসৰি, ১,৯৬০ জন ক'ভিড আক্রান্ত ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে ১২ জন ক'ভিড আক্রান্ত ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
ৰাজ্যত বিগত ২৪ ঘণ্টাত ৬১,৩৫৯ টা ক'ভিড পৰীক্ষা সম্পন্ন হৈছে। য'ত সৰ্বাধিক ক'ভিড আক্রান্ত ৰোগী কামৰূপ মহানগৰত ১,৭১৬ জন পোৱা গৈছে।ইয়াৰ লগতে ডিব্ৰুগড়ত ৪৮৬ জন, কামৰূপ গ্ৰাম্য ৪২৪ জন, আৰু কাছাৰত ৪২২ জন ক'ভিড আক্রান্ত লোক চিনাক্ত হৈছে।
অসমৰ সামগ্ৰিক ক'ভিড আক্রান্তৰ সংখ্যা বৰ্তমান ৬,৭৮,০৫৭ ত উপনীত হৈছে। লগতে মুঠ আৰোগ্যৰ সংখ্যা ৬,২৯,৩৩২ ত স্পৰ্শ কৰিছে। ৰাজ্যখনৰ ক'ভিড আৰোগ্যৰ হাৰ ৯২.৮১ শতাংশ। আনহাতে, ৰাজ্যখনত মুঠ ৬,২৬০ জন ক'ভিড আক্রান্ত ৰোগীৰ মৃত্যু হৈছে আৰু ইয়াকে লৈ ৰাজ্যখনত ক'ভিড আক্রান্ত ৰোগীৰ মৃত্যুৰ হাৰ হৈছে ০.৯২ শতাংশ।
Comments