Classifieds
View All
গুৱাহাটী, ২১ জানুৱাৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতকোত্তৰসহ বিভিন্ন পৰীক্ষা স্থগিত ৰাখে। ৰাজ্যখনত ক'ভিড আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে।
ইয়াৰ লগতে, আগন্তুক ২১, ২২ আৰু ২৪ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অনুসূচীত পৰীক্ষাৰ সময়সূচী পুনৰ নিৰ্ধাৰণ কৰা হ'ব আৰু শীঘ্ৰেই জাননী দিয়া হ'ব। বুলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক জাননীত উল্লেখ কৰা হয়। লগতে, ২৭ জানুৱাৰী, ২০২২ ৰ পৰা অনুসূচীত অন্যান্য পৰীক্ষাবোৰ অনুসূচী অনুসৰি অনুষ্ঠিত হ'ব বুলি জাননীযোগে জানিব পৰা গৈছে। ব্যৱহাৰিক পৰীক্ষা অনুসূচী অনুসৰি অনুষ্ঠিত হ'ব।
Comments