গুৱাহাটী, ২১ জানুৱাৰীঃ আমেৰিকাৰ চান ফ্ৰান্সিস্কোত এটা ঘৰ বিক্ৰী কৰা হৈছে য'ত কোনো শোৱা কোঠালি নাই, ইয়াৰ সলনি উক্ত বাসগৃহটোত কেৱল এটা বাথৰুম আৰু পাকঘৰ হে আছে। পৃথিৱীৰ এই অদ্ভুত ঘৰটোৰ মূল্য শুনি সকলোৱে হতবাক হৈ পৰিছে, কিয়নো এই ঘৰটো প্ৰায় ১৫ কোটি টকাত বিক্ৰী কৰা হৈছে।
বাতৰি অনুসৰি, এই ঘৰটো ১৯০০ চনত নিৰ্মাণ কৰা হৈছিল। এই ঘৰটোৰ বিশেষ কথাটো হ'ল ইয়াত কোনো শোৱা কোঠালি নাই। ইয়াৰ সলনি ইয়াত কেৱল মাত্ৰ এটা সৰু বাথৰুম আৰু এটা পাকঘৰ আছে। ছান ফ্ৰাঞ্চিস্কোৰ এই বাসগৃহটোত প্ৰায় ১২০ বছৰ পুৰণি, যি বিগত সপ্তাহত প্ৰায় দুই নিযুত ডলাৰ অৰ্থাৎ ১৫ কোটি টকাত বিক্ৰী কৰা হৈছে। এই ঘৰটোত মাত্ৰ এটা বাথৰুম আছে, লগতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰা এটা পাকঘৰ আছে, কিন্তু কোনোধৰণৰ শোৱা কোঠালি নাই।
এই সম্পত্তি বিক্ৰী কৰা ৰিয়েল ইষ্টেট এজেণ্ট টড আৰু উইলীয়ে কৈছে যে, "আমি ভাবিছিলো যে এই ঘৰটো বিক্রী কৰি ১২ কোটি টকা পাবলৈ সক্ষম হ'ম, কিন্তু এই ঘৰটো ক্ৰয় কৰাৰ সময়ত গ্ৰাহকৰ মাজত প্ৰতিযোগিতামূলক পৰিৱেশৰ সৃষ্টি হৈছিল আৰু ১৫ কোটি টকাত বিক্ৰী কৰা হৈছিল। ইয়াত কেৱল এটা ২,৮০০ বৰ্গফুটৰ বাথৰুম আছে।
Comments