গুৱাহাটী, ২১ জানুৱাৰীঃ এই মাহৰ আৰম্ভণিতে, জেচিণ্টা শ্বেলটন ব্লেন্কেট অক্টোপাছ (Blanket Octopus) দেখা খুব কম লোকসকলৰ মাজৰ এজন হৈ পৰিছে। সামুদ্ৰিক জীৱবিজ্ঞানী শ্বেলটনে গ্ৰেট বেৰিয়াৰ ৰিফৰ লেডী ইলিয়ট আইলেণ্ড কোষ্টৰ পৰা সমুদ্রৰ ভিতৰত নিৰীক্ষণ কৰি থাকোতে তেওঁ সেই প্ৰাণীটো দেখিছে। কুইন্সলেণ্ডৰ পৰ্যটন আৰু অনুষ্ঠানৰ বাবে সমল সৃষ্টিকৰ্তা হিচাপে কাম কৰা শ্বেলটনে শীঘ্ৰেই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত ব্লেন্কেট অক্টোপাছৰ ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰে, যাৰ ফলত সামুদ্ৰিক উৎসাহী সকলৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি হয়।
শ্বেলটনে এই বিষয় সন্দৰ্ভত কৈছে যে, "যেতিয়া মই প্ৰথমবাৰৰ বাবে এই প্ৰাণীটো দেখিলো, মই ভাবিলো যে এইটো দীঘল পাখি থকা মাছ হ'ব পাৰে, কিন্তু মই ওচৰ চাপি অহাৰ লগে লগে মই অনুভৱ কৰিলো যে এইটো এটা মাইকী ব্লেন্কেট অক্টোপাছ। মই জানি বাৰুকৈ সুখী হ'লো। বাস্তৱ জীৱনত সন্মুখৰ পৰা এনে প্ৰাণী দেখাটো অবৰ্ণনীয়, মই ইয়াৰ গতিবিধিৰ দ্বাৰা ইমান আকৰ্ষিত হৈছো, যেন সি পানীত প্ৰবাহিত ঢৌৰ সৈতে নাচি আছে। এই প্ৰাণীটোৰ জীৱন্ত ৰংবোৰ ইমান অবিশ্বাস্য, মানুহে ইয়াক দেখিলে চকু আঁতৰাব নোৱাৰে।"
তিনি বছৰ ধৰি গ্ৰেট বেৰিয়াৰ ৰিফত সামুদ্ৰিক জীৱৰ ওপৰত নথিভুক্ত কৰি থকা শ্বেলটনে বিশ্বাস কৰে যে, ব্লেন্কেট অক্টোপাছটো ম'লাস্কৰ আগত মাত্ৰ তিনিবাৰ হে দেখা গৈছে। দ্য নিউজিলেণ্ড জাৰ্নেল অফ মেৰিন এণ্ড ফ্ৰেছ ৱাটাৰৰ (The New Zealand Journal of Marine and Freshwater) গৱেষণাৰ মতে, ব্লেন্কেট অক্টোপাছবোৰ ইমান বিৰল যে এই প্ৰাণীবোৰৰ 'একাধিক যৌন সংযোগৰ ডিমৰ্ফিজম অৰ্থাৎ দুটা ভিন্ন ৰঙৰ সংমিশ্রণ। যদিও মাইকী ব্লেন্কেট অক্টোপাছ এটাৰ দৈৰ্ঘ্যতা ছয় ফুটলৈ হ'ব পাৰে, কিন্তু মতা ব্লেন্কেট অক্টোপাছৰ দৈৰ্ঘ্যতা ২.৪ চেণ্টিমিটাৰলৈহে বৃদ্ধি হয়। ইয়াৰ উপৰিও, মহিলা অক্টোপাছ এটাৰ শৰীৰৰ ওজন পুৰুষ অক্টোপাছতকৈ ৪০,০০০ গুণ বেছি।
Comments