লখিমপুৰ, ২১ জানুৱাৰী : কিশোৰী যৌন নির্যাতনৰ গোচৰত আগতীয়া জামিন নাকচ হৈছে উদ্ভাৱক উদ্ধৱ ভৰালীৰ। কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হীতেশ কুমাৰ শৰ্মাৰ এজনীয়া বিচাৰপীঠে ভৰালীক আগতীয়া জামিন প্রদান কৰিবলৈ অস্বীকাৰ কৰে। উল্লেখযোগ্য যে কিশোৰী যৌন নির্যাতন সন্দৰ্ভত পদ্মশ্রী বঁটাপ্রাপক উদ্ভাৱক উদ্ধৱ ভৰালীৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত ১৩৩২/২০২১ নম্বৰত এক গোচৰ ৰুজু হৈছিল। উচ্চ ন্যায়ালয়ত অগ্ৰীম জামিন আবেদন নাকচ হোৱাৰ পিছত উদ্ধৱ ভৰালীৰ মন্তব্য প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া - " 'মই আইনৰ প্ৰতি বিশ্বাস ৰাখি আত্ম সমৰ্পন কৰিম কেতিয়াও নপলাও "।" মোৰ বিৰুদ্ধে হোৱা নিকৃষ্ট ষড়যন্ত্ৰৰ বলি হলো মই'' ।
" মই হাৰিলেও এদিন কিন্তু মই জয়ী হ'ম ।
" ন্যায়িক জিম্মাত থাকি জাতিৰ স্বাৰ্থত মই কাম কৰি যাম' । জেলৰ ভিতৰত " যন্ত্ৰ আৰু যান্ত্ৰনা " শীৰ্ষক গ্ৰন্থ লিখি মই জাতিক উপহাৰ দিম । তেওঁৰ তত্বাৱধানত থকা আশ্ৰয় গৃহ আৰু অন্ন-পূৰ্ণা গৃহৰ খবৰ লবলৈ ৰাইজক আহ্বান' ভৰালীৰ ।
আনহাতে এই ৰায়দানৰ পিছতেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে তেওঁৰ তত্বাৱধানত থকা আশ্ৰয় গৃহত । আশ্ৰয় গৃহৰ দুগৰাকী বৃদ্ধাই উদ্ধব ভৰালীৰ হাতে -ভৰিয়ে ধৰি কান্দি উঠে হুক হুকাই ।
Comments