গুৱাহাটী,২১ জানুৱাৰী:৫০ বছৰ পিছত নতুন দিল্লীৰ ইণ্ডিয়া গে’টৰ অমৰ জোৱান জ্যোতিৰ অনির্বাণ শিখা নুমুওৱা হ’ল। শুক্রবাৰে উক্ত অগ্নিশিখা লৈ যোৱা হৈছে নৱনিৰ্মিত ‘নেশ্বনেল ৱাৰ মেম’ৰিয়েল’ চৌহদলৈ।
১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধত ছহিদ হোৱা ভাৰতীয় সেনাসকলৰ স্মৃতিত নিৰ্মাণ হৈছিল এই স্মৃতিসৌধ৷ ১৯৭২ চনৰ ২৭ জানুৱাৰীত ইন্দিৰা গান্ধীয়ে এই স্মৃতিসৌধ উদ্বোধন কৰিছিল। শিলৰ স্তম্ভত ওলোটাকৈ ৰখা ৭.৬২ স্বয়ংক্রিয় ৰাইফল আৰু তাৰ ওপৰত সেনাৰ এটি শিৰস্ত্রাণৰ স্মাৰক আছে তাত। তাৰ সন্মুখতে প্ৰতিমুহূৰ্ততে জ্বলি থাকে অগ্নিশিখা। উক্ত অগ্নিশিখাই এইবাৰ লৈ যোৱা হৈছে প্রায় আধা কিলোমিটাৰ দূৰৈৰ ‘নেশ্বনেল ৱাৰ মেম’ৰিয়েল’লৈ।
উল্লেখ্য, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ইণ্ডিয়া গে’ট চৌহদত ‘নেশ্বনেল ৱাৰ মেম’ৰিয়েল’ৰ উদ্বোধন কৰিছিল। স্বাধীনতাৰ পিছৰ পৰা যিসকল সেনা-জোৱানে দেশ ৰক্ষাৰ বাবে জীৱন বলিদান দিছে তেওঁলোকৰ স্মৃতিতেই এই ৱাৰ মেম’ৰিয়েল৷ ৪০ একৰ ভূমিত নিৰ্মাণ হৈছে এই যুদ্ধ-স্মাৰক। চাৰিটা সমকেন্দ্রিক বৃত্ত বা চক্রৰ আকাৰত নিৰ্মাণ হৈছে ইয়াৰ প্ৰাচীৰ। আকাশৰ পৰা যাক প্ৰায় চক্রবেহুৰ দৰেই দেখা যাব। চক্র চাৰিটাৰ নাম হৈছে অমৰ চক্র, বীৰতা চক্র, ত্যাগ চক্র আৰু ৰক্ষক চক্র। চক্রৰ প্ৰাচীৰবোৰত লিখা হৈছে ২৫ হাজাৰ ৯৪২ জন নিহত সেনাৰ নাম।
Comments