ডিফু ঃ ষ্টাফ ৰিপ’র্ৰ, ১৮ ডিচেম্বৰ ঃ অসমৰ হিলছ ষ্টেছন ৰূপে খ্যাত ডিমা হাছাও জিলাৰ সদৰ হাফলঙত কাইলৈ অনুষ্ঠিত হ’ব দিছপুৰৰ বাহিৰৰ তৃতীয়খন কেবিনেট বৈঠক৷ ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত বিজেপিয়ে অসমত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পাছত দিছপুৰৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবে গ্রহণ কৰা সিদ্ধান্তৰ অংশ হিচাপে কাইলৈ ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত অসম চৰকাৰৰ পৰৱর্তী কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে৷ উল্লেখযোগ্য যে যোৱা পাঁচ জানুৱাৰীতে উক্ত
কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল যদিও পাঁচ জানুৱাৰীৰ বৈঠক স্থগিত কৰাৰ পাছত কাইলৈ বৈঠকখন অনুষ্ঠিত কৰাৰ দিহা কৰা হৈছে৷ অসম চৰকাৰৰ কেবিনেট বৈঠক উপলক্ষে কাইলৈ পাহাৰীয়া জিলাখনত ৰাজ্য প্রশাসনৰ সকলো বৰমূৰীয়াক আদৰাৰ বাবে বিগত প্রায় এমাহ ধৰি হাফলং চহৰত ব্যাপক প্রস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷
প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ পাহাৰীয়া চহৰখনক সকলো দিশৰ পৰা সর্বাংগ সুন্দৰ কৰি তোলাৰ বাবে সকলো প্রচেষ্টা হাতত লোৱা দেখিবলৈ পোৱা গৈছে৷ চহৰখনৰ বাট-পথসমূহো সুন্দৰকৈ নির্মাণ কৰি আকর্ষণীয় কৰি তোলা হৈছে৷ অসম চৰকাৰৰ তৃতীয়খন কেবিনেট বৈঠকত অংশগ্রহণ কৰাৰ বাবে আজি কেইবাগৰাকী মন্ত্রীৰ লগতে ভালেসংখ্যক শীর্ষ বিষয়া হাফলং চহৰত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে৷ আনহাতে, কেবিনেট বৈঠকৰ সৈতে সংগতি ৰাখি কাইলৈ হাফলঙত কেইবাটাও উন্নয়নমূলক আঁচনিৰ কামৰ শুভ উদ্বোধন কৰা হ’ব বুলি জানিব পৰা গৈছে৷
সেই অনুসৰি, বৈঠক আৰম্ভ হোৱাৰ পূর্বে মুখ্যমন্ত্রীগৰাকীয়ে এন এল দাউলাগপু স্প’র্টছ কমপ্লেক্স, দিবাৰায় হেলিপেড, হাফলং চৰকাৰী মহাবিদ্যালয়ৰ নতুন ভৱন, কৃষি ভৱন, হাফলং চৰকাৰী হস্পিটেলৰ অক্সিজেন প্লাণ্ট আদি উদ্বোধন কৰিব৷ কাইলৈ অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকক কেন্দ্র কৰি পাহাৰীয়া চহৰখনত ইমিধ্যে এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷
আনহাতে, ডিমা হাছাও জিলাৰ খিলঞ্জীয়াসকলৰ সংগঠন ইণ্ডিজেনিয়াছ পীপলছ ফ্রণ্ট চমুকৈ আই পি এফে কাইলৈ বাৰ ঘণ্টীয়া ডিমা হাছাও জিলা বন্ধৰ আহবান জনাইছিল যদিও অৱশেষত আজি সংগঠনটোৱে বন্ধ প্রত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে৷ অহা ২৩ জানুৱাৰীত চৰকাৰে আই পি এফক আলোচনাৰ বাবে আমন্ত্রণ জনোৱাৰ বাবেই সংগঠনটোৱে এই বন্ধৰ কার্যসূচী প্রত্যাহাৰ কৰা বুলি জানিব পৰা গৈছে৷
Comments