গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ১৮ জানুৱাৰী ঃ অসম মেঘালয়ৰ দীর্ঘদিনীয়া সীমা বিবাদ মীমাংসা হোৱাৰ দিশলৈ গতি কৰিছে৷ অসম-মেঘালয়ৰ মাজত থকা ১২টা বিবদমান স্থানক লৈ দুয়োখন ৰাজ্যই গঠন কৰা কমিটীয়ে পর্যবেক্ষণ কৰাৰ অন্তত ৬টা বিবদমান স্থানৰ মুঠ ৩৭ বর্গ কিল’মিটাৰ মাটিৰ পৰা মেঘালয়ক ১৮.২৮ বর্গ কিঃমিঃ এৰি দিবলৈ অসম চৰকাৰ সন্মত হৈছে৷ অসমে ১৮.৫১ বর্গ কিঃমিঃ মাটি লাভ কৰিব৷
আন্তঃৰাজ্যিক সীমা যিহেতু কেন্দ্রীয় চৰকাৰে নির্ধাৰণ কৰে সেয়েহে যাৱতীয় সাংবিধানিক আৰু প্রশাসনিক অনুমোদনৰ বাবে কেন্দ্রলৈ প্রস্তাৱ প্রেৰণ কৰা হ’ব৷ আজি কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজনৈতিক দলৰ প্রতিনিধিৰ উপস্থিতিত সর্বদলীয় বৈঠকৰ লগতে সদৌ অসম ছাত্র সন্থাকে ধৰি কেইবাটাও ছাত্র সংগঠনৰ সৈতে আলোচনাত মিলিত হয়৷ সর্বদলীয় বৈঠকত উপস্থিত থকা ৰাজনৈতিক দলৰ প্রতিনিধিসকলে ৰাজ্য চৰকাৰে সীমা বিবাদ নিষ্পত্তিৰ বাবে গ্রহণ কৰা পদক্ষেপক আদৰণি জনাইছে৷
আনহাতে, ছাত্র সংগঠনৰ প্রতিনিধিসকলে বিবদমান এলেকাসমূহ পৰিদর্শনৰ বাবে ইচছা কৰাত ৰাজ্য চৰকাৰে সংশ্লিষ্ট প্রশাসনৰ দ্বাৰা ব্যৱস্থা কৰি দিয়াত সন্মতি দিয়ে৷ দুয়োখন ৰাজ্যৰ মাজত বিবদমান স্থান ১২টা আছিল যদিও ইতিমধ্যে ৬টা স্থানক লৈ সহমতত উপনীত হৈছে৷ তেওঁ কয় যে ২০১১ চনলৈ মেঘালয়ে দাবী কৰা ১২টা স্থানৰ ভিতৰৰেআন ৬ স্থানক লৈ সহমতত আহিবলৈ আলোচনা চলাই আছে বুলি আজি উল্লেখ কৰিছে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে৷
অগপ, বিজেপি, কংগ্রেছ, এ আই ইউ ডি এফ, চি পি এমৰ প্রতিনিধি উপস্থিত থকা সর্বদলীয় বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত শিক্ষা মন্ত্রী পেগুৱে কয় যে আজি বিধানসভাত প্রতিনিধিত্ব থকা দলসমূহৰ প্রতিনিধিসকলকহে আমন্ত্রণ জনোৱা হৈছিল৷ তেওঁ কয় যে বিবদমান স্থানসমূহৰ ভিতৰত দিছপুৰ সমষ্টিৰ অন্তর্গত পিলিংকটা, বকো সমষ্টিৰ অন্তর্গত হাঁহিম, গিজাং
আৰু তাৰাবাৰী, পশ্চিম গুৱাহাটী সমষ্টিৰ বাকৰাপাৰা আৰু কাছাৰৰ কাটিগড়া সমষ্টিৰ তাৰাচোৰৰ বিবদমান এলেকাক লৈ সহমতত উপনীত হৈছে দুয়োখন ৰাজ্য৷ তেওঁ আৰু কয় যে সীমা সমস্যা নিষ্পত্তি কৰাৰ ক্ষেত্রত ঐতিহাসিক পটভূমিক গুৰুত্ব দিয়া হোৱা নাই৷ প্রশাসনিক সুবিধা ক’ত আছে, স্থানীয় লোকসকলে ক’ত থাকিব বিচাৰে আদি দিশ দুয়োখন ৰাজ্যই গঠন কৰা কমিটীকেইখনে বিবেচনা কৰিছিল৷ তেওঁ আৰু কয় যে এই মীমাংসাৰ ক্ষেত্রত কাৰো জয়-পৰাজয়ৰ কথা নাহে৷
অসমে মাটি এৰি দিয়াৰ কথাই নাহে৷ কাৰণ এই মাটি আছিল বিবদমান৷ মন্ত্রী ডাঃ পেগুৱে আৰু কয় যে এই স্থানসমূহত উন্নয়নমূলক কাম দুয়োখন ৰাজ্যই সমানে কৰাত কেতিয়াবা উত্তেজনাৰ সৃষ্টি হয়৷ বিবদমান স্থানত থকা মানুহে মেঘালয়তো ভোট দিয়ে আৰু অসমতো ভোট দিয়ে৷
তেওঁ আৰু কয় যে মীমাংসালৈ অহাৰ পাছত অসম উপকৃত হ’ব৷ সহমতত উপনীত হ’বলৈ বাকী থকা এলেকাসমূহৰ ভিতৰত কার্বি আংলঙৰ ব্লক এক, ব্লক দুইৰ লগতে কামৰূপ জিলাৰ লাম্পি, গড়ভঙা ফৰেষ্ট, কামৰূপ মহানগৰৰ ডিমৰীয়া এলেকাও আছে৷ সীমা সমস্যাক লৈ বিৰোধী দলক আস্থাত লোৱা হৈছে আৰু বিধানসভাকো আস্থাত লোৱা হ’ব বুলি উল্লেখ কৰে মন্ত্রী ডাঃ পেগুৱে৷ ইফালে, সদৌ অসম ছাত্র সন্থা, নিখিল ৰাভা ছাত্র সন্থা, নিখিল বড়ো ছাত্র সন্থা, গাৰো ছাত্র সন্থা আৰু গোর্খা ছাত্র সন্থাৰ প্রতিনিধিয়ে সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী , মুখ্য সচিব আৰু মন্ত্রীৰ নেতৃত্বত গঠন কৰা কমিটীয়ে চলাই থকা প্রচেষ্টাক আদৰণি জনাইছে৷
আলোচনাৰ অন্তত সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই সংবাদ মাধ্যমৰ আগত কয় যে ২০১১ চনৰ পাছৰ মাটি মেঘালয়ে দাবী কৰিব নোৱাৰিব আৰু ১২টাতকৈ অধিক বিবদমান স্থান হ’ব নোৱাৰিব৷ মেঘালয়ক এৰি দিবলৈ ওলোৱা লঘু বিবদমান এলেকাকেইটাৰ উপৰি সকলো বিবদমান এলেকা ছাত্র সংগঠনসমূহে পৰিদর্শন কৰি ৰাইজৰ মতামত লোৱাৰ ববে দিয়া প্রস্তাৱ গ্রহণ কৰি প্রয়োজনীয় ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷
আলোচনাৰ মাধ্যমেৰে ছাত্র সংগঠনকেইটাৰ লগতে নেছ’ৰ তৰফৰ পৰাও দীর্ঘ দিন ধৰি দাবী জনাই অহা হৈছিল বুলি উল্লেখ কৰে আছুৰ মুখ্য উপদেষ্টাজনে৷ উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মেঘালয়ৰ লগত থকা বিবদমান এলেকাৰ বিষয়তো নিষ্পত্তিৰ বাবে মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, অতুল বৰা আৰু পীয়ুষ হাজৰিকাৰ নেতৃত্বত তিনিখন কমিটী গঠন কৰি দিছিল৷ এই কমিটীয়ে মেঘালয় চৰকাৰে গঠন কৰা কমিটীৰ সৈতে যৌথভাৱে বিবদমান এলেকা পৰিদর্শন কৰিছিল৷ আনহাতে, মুখ্যমন্ত্রী ড০ শর্মা আৰু মেঘায়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ মাজত কেইবালানিও আলোচনা অনুষ্ঠিত হৈছিল৷
Comments