গুৱাহাটী, ১৯ জানুৱাৰীঃ সকলো মানুহে মূল্যৱান ৰত্ন হীৰাৰে তৈয়াৰী গহণা আদি পিন্ধিব বিচাৰে। কিন্তু বেছিভাগ মানুহে কেৱল ইয়াৰ বিষয়ে চিন্তাহে কৰি থাকে। এই বিৰল ৰত্নটোৰ মূল্য অনুমান কৰিবলৈ সক্ষম হোৱাটো এজন সাধাৰণ মানুহৰ বিষয় নহয়। কিন্তু এনে এটা হীৰাৰ পোৱা গৈছে যি অতিকৈ মূল্যৱান আৰু বিৰল। এই হীৰাটো বৰ্তমান ডুবাইত আছে। প্ৰকৃততে এইটো হীৰাৰ টুকুৰাটোৰ মূল্য ৫০ কোটি টকাতকৈও অধিক। এই হীৰাটোৰ আন এটা বিশেষত্ব আছে। এই হীৰাটোৰ বিষয়ে কোৱা হৈছে যে ই পৃথিৱীৰ নহয় আন এটা গ্ৰহৰ পৰাহে পোৱা ৰত্ন আৰু ইয়াৰ ৰং ক'লা। ইয়াক ব্লেক ডায়মণ্ড বুলিও কোৱা হৈছে। এই হীৰাটো চোথবী কোম্পানীয়ে ৰক্ষণাবেক্ষণ কৰি আছে। চোথবী হৈছে এনে এটা কোম্পানী যি দীৰ্ঘদিন ধৰি মূল্যৱান সামগ্ৰী নিলাম কৰি আহিছে। ছোথবীয়ে সোমবাৰে ডুবাইত সাংবাদিকৰ সন্মুখত এই ক'লা হীৰাটো উপস্থাপন কৰিছে। এই বিৰল হীৰাটোৰ নাম এনিগ্মা ৰখা হৈছে।
ইয়াৰ বিশেষত্বৰ বিষয়ে ক'বলৈ গ'লে, ই হৈছে ৫৫৫.৫৫ কেৰেটৰ এটা ক'লা হীৰা। ডুবাইৰ পৰা ইয়াক অহা ফেব্ৰুৱাৰীত লছ এন্জেলসত লৈ যোৱা হ'ব আৰু এই ক'লা হীৰাৰ নিলাম লণ্ডনত অনুষ্ঠিত হ'ব। এই বিৰল ক'লা হীৰাটোক কাৰ্বোনাডো বুলিও কোৱা হয়। এতিয়ালৈকে ইয়াক কেৱল ব্ৰাজিল আৰু মধ্য আফ্ৰিকাত হে পোৱা গৈছে। এই হীৰাবোৰত কাৰ্বন আইচ'টোপ আৰু উচ্চ হাইড্ৰজেন থাকে। যাৰ বাবে এই হীৰা পৃথিৱী নহয় মহাকাশৰ উপহাৰ বুলি বিশ্বাস কৰা হয়।
ছোথবীয়ে আশা প্ৰকাশ কৰিছে যে এই হীৰাটো ৫ নিযুত ব্ৰিটিছ পাউণ্ড বা প্ৰায় ৫০.৭ কোটি টকাত নিলাম হ'ব পাৰে। ছোথবীয়ে এই হীৰাটোক খামচাৰ আকৃতি বুলি বৰ্ণনা কৰিছে। পশ্চিম এছিয়াৰ দেশবোৰত খামচাক হাতৰ তলুৱা বা হাতৰ তলুৱা সদৃশ আকৃতি বুলি কোৱা হয়। খামচা শব্দটোৱে শক্তিক বুজায়।
Comments