গুৱাহাটী, ১৯ জানুৱাৰীঃ বাংলাদেশীৰ অভিনেত্ৰী ৰাইমা ইছলাম চিমুৰ মৃতদেহ এটা বস্তাত পোৱাৰ পিছত তেওঁৰ স্বামী শাখাৱত আলী নবেলে হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰে। কিয়নো অভিনেত্রী গৰাকী বিগত কেইবাদিন ধৰি নিৰুদ্দেশ হৈ আছিল বুলি জানিব পৰা গৈছে। প্ৰয়াত অভিনেত্ৰী গৰাকীৰ শৰীৰত কেইবাটাও আঘাতৰ চিহ্ন পোৱাৰ পিছত অভিযুক্ত স্বামী আলীক আৰক্ষীয়ে জেৰা চলাই।
এক প্ৰতিবেদন অনুসৰি, আলী ৩ দিনৰ ৰিমাণ্ডত আছে। ঢাকা আৰক্ষীৰ বিবৃতিয়ে ইংগিত দিছে যে, অভিযুক্ত আলী হত্যাকাণ্ডৰ সৈতে জড়িত হোৱাৰ কাৰণ সম্ভৱতঃ এটা পাৰিবাৰিক বিবাদ। আৰক্ষীয়ে আলীৰ বন্ধু আব্দুল্লাহ ফাৰহাদকো সোধা-পোছাৰ বাবে জিম্মাত লোৱা হৈছিল। বাংলাদেশী সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি গোচৰটোত এজন প্ৰভাৱশালী অভিনেতা জড়িত থাকিব পাৰে। খবৰ অনুসৰি কেইদিনমান আগতে সন্ধানহীন হোৱা ৰাইমা ইছলাম চিমুৰ সোমবাৰে ঢাকাৰ কেৰানিগঞ্জৰ এখন দলঙৰ ওচৰৰ এটা বস্তাত মৃতদেহ উদ্ধাৰ কৰা হৈছিল।
আৰক্ষীৰ এক অনুসন্ধানত প্ৰকাশ পাইছে যে, সেই অঞ্চলৰ স্থানীয় লোকে সোমবাৰে অৰ্থাৎ ১৭ জানুৱাৰীত কদমটলী অঞ্চলৰ আলিপুৰ দলঙৰ ওচৰত অভিনেত্রী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰু আৰক্ষী থানাক অৱগত কৰে। ৰাইমাৰ শৰীৰত পোৱা আঘাতৰ চিহ্নবোৰে আৰক্ষীক বিশ্বাস কৰিবলৈ বাধ্য কৰাইছে যে, অভিনেত্রী গৰাকীৰ মৃতদেহটো এদিন পূৰ্বে অৰ্থাৎ দেওবাৰে অপৰাধীয়ে পেলাই দিয়ে। এজন শীৰ্ষ আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত কয় যে, "মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ছাৰ চেলিমুল্লাহ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ (এছএছএমচিএইচ) প্ৰেৰণ কৰা হৈছে, আৰু এই হত্যাকাণ্ডৰ তদন্ত চলি আছে।"
ইপিনে, চিমুৰ আত্মীয়ই দেওবাৰে তেওঁ নিৰুদ্দেশ হোৱাৰ পিছত কালাবাগান আৰক্ষী চকীত এটা অভিযোগ দাখিল কৰিছিল।
ৰাইমা ইছলাম চিমু হৈছে এগৰাকী ৪৫ বছৰীয়া অভিনেত্ৰী, যিয়ে ১৯৯৮ চনত 'বাৰ্তামান' চলচ্চিত্ৰৰ যোগেদি আত্মপ্ৰকাশ কৰে। তেওঁ তেতিয়াৰ পৰা প্ৰায় ২৫ খন চলচ্চিত্ৰত কাম কৰিছে। তেওঁ বাংলাদেশ চলচ্চিত্ৰ শিল্পী সন্থাৰ সহযোগী সদস্য আছিল। চলচ্চিত্ৰৰ উপৰিও, তেওঁ টিভি নাটকতো কাম কৰিছিল আৰু লগতে প্ৰযোজনা কৰিছিল।
Comments