গুৱাহাটী,১৯ জানুৱাৰী:অক্ষয় কুমাৰক শীঘ্ৰেই অনুৰাগীসকলে একচন-কমেডি ছবি 'বচ্চন পাণ্ডে'ত এক নতুন অৱতাৰত দেখা পাব।অক্ষয়ে বচ্চন পাণ্ডে ছবিখনৰ মুক্তিৰ তাৰিখো ইনষ্টাগ্ৰাম প্ৰকাশ কৰিছে।এই ছবিখন অহা ১৮ মাৰ্চত ছবিগৃহত মুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। আশা কৰা হৈছে যে অনাগত দিনবোৰত ক'ভিডৰ পৰিৱেশ ক্ৰমান্বয়ে সুস্থিৰ হ'ব আৰু ছবি গৃহলৈ গৈ মানুহে এই চিনিমা খন সুন্দৰকৈ উপভোগ কৰিব পাৰিব।অক্ষয়ে তেওঁৰ ইনষ্টাগ্ৰামত বচ্চন পাণ্ডে চলচ্চিত্ৰখনৰ এখন নতুন পোষ্টাৰো মুকলি কৰিছিল।
অক্ষয় কুমাৰ অভিনীত বচ্চন পাণ্ডে ৪ মাৰ্চত মুক্তি পোৱাৰ কথা আছিল। অৱশেষত ক'ভিডৰ বাবে ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই ১৮ মাৰ্চলৈ লৈ যোৱা হৈছিল।হোলী উপলক্ষে এই ব্লকবাষ্টাৰ চিনেমা খন মুক্তি দি অক্ষয় কুমাৰে বৰ্ষটোৰ আৰম্ভণি কৰিব। অক্ষয়ৰ উপৰিও, 'বচ্চন পাণ্ডে'ত জেকলিন ফাৰ্ণাণ্ডেজ আৰু কৃতি ছেননেও অভিনয় কৰিছে।
Comments