Cartoon
View Older
গুৱাহাটী,১৯ জানুৱাৰী:মঙলবাৰে নিশা গুৱাহাটী ৰে'ল ষ্টেচনত বিদ্যুৎপিষ্ট হৈ এজন ৰে'ল চালকৰ মৃত্যু হয়,ঘটনাটো নিশা প্ৰায় ৮:২৫ বজাত সংঘটিত হৈছিল।চালকজনক উজনি অসমৰ গোলাঘাট জিলাৰ বাসিন্দা শিৱ গোস্বামী বুলি চিনাক্ত কৰা হৈছে।
প্ৰতিবেদন অনুসৰি, চালকজনে ষ্টেচনৰ ৭ নং প্লেটফৰ্মত ৰৈ থকা গুৱাহাটী-মুৰ্কংচেলেক লাচিত এক্সপ্ৰেছৰ ইঞ্জিন পৰীক্ষা কৰিবলৈ যোৱাৰ সময়ত হাই ভল্টেজ তাঁৰৰ সংস্পৰ্শলৈ আহিছিল।মিনিটৰ ভিতৰতে তেওঁ জ্বলি মৃত্যুমুখত পৰিছিল।ৰে'লকৰ্মচাৰীসকলে তেওঁক এখন চিকিৎসালয়লৈ স্থানান্তৰিত কৰিছিল য'ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল।
Comments