Cartoon
View Older
গুৱাহাটী,১৯ জানুৱাৰী:কিয় ময়নাগুড়িত লাইনচ্যুত হৈছিল ইঞ্জিন? তদন্তত ওলাল ভয়ঙ্কৰ তথ্য। আঙুলি উঠিল ভাৰতীয় ৰে’লৰ দিশেই।
পৰীক্ষা নকৰাকৈয়েই চলোৱা হৈছিল ইঞ্জিন। প্রতি মাহে ইঞ্জিনৰ পৰীক্ষা কৰা হয়। তাৰ পিছতহে চলোৱা হয়। এইক্ষেত্রত সেয়া হোৱা নাছিল। তাৰে ফলতেই প্রাণ গ’ল বহু কেইজনৰ।
১৩ জানুৱাৰীত ময়নাগুৰিত লাইনচ্যুত হয় বিকানেৰ–গুৱাহাটী এক্সপ্রেছ। তাৰ ৰিপোর্ট দিছে আলিপুৰদুৱাৰ ডিভিজনে।
সেই ৰিপোর্টতেই আছে এই ইঞ্জিন পৰীক্ষা নোহোৱাৰ কথা। দুর্ঘটনাৰ তদন্ত কৰিছে কমিছনাৰ অব ৰে’লৱে চেফটিয়ে। তেওঁলোকে এই সন্দৰ্ভত ইতিমধ্যে সংশ্লিষ্ট মহলক প্রশ্ন তুলিছে।
Comments