গুৱাহাটী,২৪ জানুৱাৰী:ভাৰত চৰকাৰৰ ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২’ লাভ কৰিছে নাজিৰাৰ কণমাণি কণ্ঠশিল্পী ধৃতিস্মান চক্ৰৱৰ্তীয়ে৷ ধৃতিস্মান চক্ৰৱৰ্তীয়ে মাত্ৰ চাৰিবছৰ বয়সৰ পৰাই গান গাই জনপ্ৰিয় হৈছে৷ সোমবাৰে প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু ৰাষ্ট্ৰপতি ভৱনে যুটীয়াভাৱে আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সযোগে অংশগ্ৰহণ কৰে ধৃতিস্মানে ৷ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যলয়ৰ পৰা ধৃতিস্মানে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ ব্লকচেইন পদ্ধতিৰে ধৃতিস্মানক প্ৰদান কৰা হ’ব মানপত্ৰ৷ বঁটাত আছে এটা মেডেল, এখন মানপত্ৰ আৰু নগদ ১ লাখ টকা৷
উল্লেখ্য, ‘তোমাৰ মৰমে মোৰ, দেহত তুলিলে ঢৌ’ শীৰ্ষক জয়ন্ত হাজৰিকাৰ চিৰযুগমীয়া গীতটোত কণ্ঠাদান কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ধৃতিস্মান৷ধৃতিস্মানৰ পিতৃ দেৱজিৎ চক্ৰৱতী আৰু মাতৃ সোনম চক্ৰৱতী নাজিৰাৰ অ’এনজিচি অসম সম্পদৰ আবাসিক এলেকাৰ বাসিন্দা৷ অসমীয়া, হিন্দী, ইংৰাজী, বাংলা আদি ভাষাত গীত পৰিবেশনৰ দক্ষতা অৰ্জন কৰিছে কণমানি ধৃতিস্মানে। উল্লেখ্য, ডেৰবছৰ বয়সৰ পৰাই সংগীতৰ প্ৰতি বিশেষ ধাউতি দেখুওৱা কণমানি ধৃতিমান চক্ৰৱতীয়ে কমবয়সীয়া বহুভাষিক গায়ক হিচাপে ইণ্ডিয়া বুক অব ৰেকৰ্ডছতো স্থান পাইছে৷
Comments