Classifieds
View All
গুৱাহাটী,২৪ জানুৱাৰী:অসম চৰকাৰে ক'ভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে সকলো সাংস্কৃতিক কাৰ্যসূচী, পুৰস্কাৰ অনুষ্ঠান আৰু বিদ্যালয়ৰ শিশুসকলৰ অংশগ্ৰহণ নিষিদ্ধ কৰে।
এক নিৰ্দেশ জাৰি কৰি মুখ্য সচিব জিষ্ণু বৰুৱাই কয় যে গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচী কেৱল ৰাষ্ট্ৰীয় পতাকা উত্তোলন, সন্মানীয় অতিথিৰ ভাষণ আৰু আনুষ্ঠানিক কুচকাৱাজত সীমাবদ্ধ থাকিব।
নিৰ্দেশটোত উল্লেখ আছে যে,"সাংস্কৃতিক কাৰ্যসূচী,পুৰস্কাৰ বিতৰণৰ দৰে অন্যান্য কাৰ্যকলাপ পৰিহাৰ কৰিব লাগিব। গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত সৰ্বাধিক ২০০ জন লোকহে অংশ গ্ৰহণ কৰিব পাৰিব।"
Comments