গুৱাহাটী,২৩ জানুৱাৰী:ক্ৰিকেটত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা দ্বিপাক্ষিক খেলতকৈ কোনো ডাঙৰ প্ৰতিদ্বন্দিতা নাই। দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰই এখন ক্ৰিকেট খেলত একেলগে যেতিয়া প্ৰতিদ্বন্দিতা কৰে, ই এক চমৎকাৰৰ বাহিৰে আন একো নহয়। যদিও এই প্ৰতিযোগিতাবোৰ এতিয়া এক বিৰল ঘটনাহে হৈ পৰিছে,এটা সময় আছিল যেতিয়া দুয়োখন দেশে আন খন দেশ খেলিবলৈ ভ্ৰমণ কৰিছিল।পাকিস্তানৰ কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰে স্বীকাৰ কৰিছে যে ভাৰত ভ্ৰমণ কৰোঁতে তেওঁলোকে সঁচাকৈয়ে জীৱনৰ এটা খুব ভাল সময় অতিবাহিত কৰিছিল । কিংবদন্তি ষ্টাৰ বলাৰ ছোৱেইব আখটাৰো তেওঁলোকৰ মাজৰেই এজন।
শেহতীয়াকৈ স্পৰ্টছকিডাৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত, আখটাৰে তেওঁলোকৰ ২০০৭ চনৰ ভ্ৰমণৰ এটা কাহিনী মনত পেলাইছিল। ভাৰত আৰু পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈসকল এটা বঁটা বিতৰণী অনুষ্ঠানত একত্ৰিত হৈছিল য'ত তেওঁ শচীন তেণ্ডুলকাৰক ধেমালিৰে দাঙিবলৈ চেষ্টা কৰিছিল। তেতিয়াই শচীন তেওঁৰ হাতৰ পৰা পিছলি তললৈ বাগৰি পৰিছিল।
তেওঁ কৈছিল,"পাকিস্তানৰ পিছত, যদি এনে এখন দেশ আছে য'ত মই যথেষ্ট মৰম পাইছো, সেয়া হৈছে ভাৰত। শচীন তললৈ পৰাৰ লগে মই ভাবিছিলো যে মই আজি মৰিলো।যদি শচীন তেণ্ডুলকাৰ আঘাতপ্ৰাপ্ত হয় তেন্তে মই কেতিয়াও ভাৰতীয় ভিছা নাপাম। ভাৰতীয় জনতাই মোক কেতিয়াও দেশলৈ ঘূৰি যাবলৈ নিদিব বা মোক জীয়াই জীয়াই জ্বলাই পেলাব।মোৰ মনত আছে হৰভজন সিং আৰু যুৱৰাজো তাত আছিল আৰু তেওঁলোকে মোক সুধিছিল, 'আপুনি কি কৰি আছে?' আৰু মই উত্তৰ দিলো যে 'মই সঁচাকৈয়ে নাজানো, এয়া হঠাৎ ঘটিছে।' তেতিয়া মই গৈ তেণ্ডুলকাৰক সাৱটি ধৰিছিলোঁ আৰু তেওঁক সুধিছিলো যে তেওঁ ঠিক আছে নে নাই। সুখৰ কথাটো আছিল যে তেওঁ ভালে আছিল।"
Comments