Classifieds
View All
যোৰহাট, ২৩ জানুৱাৰী : যোৰহাটৰ উপকণ্ঠ চিনামৰাত আজি অ’ এন জি চিৰ তেল পৰিবাহী পাইপ লাইনত সংঘটিত ভয়াবহ অগ্নিকাণ্ডই আতংকময় পৰিবেশৰ সৃষ্টি কৰে ৷ অঞ্চলটোৰ চৰ্দাৰআলি তিমতিমিয়া গাঁৱৰ কাষেৰে যোৱা পাইপলাইনত হয় এই ঘটনাটো ৷ পূৱা প্ৰায় ৮ বজাত এই ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় ৰাইজ আতংকিত হৈ পৰে ৷
অৱশ্যে ঘটনাৰ খবৰ পাই যোৰহাট , মৰিয়নি , তিতাবৰৰ পৰা অহা ৭খন অগ্নিনিৰ্বাপক বাহনে ২ ঘন্টাৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, অ’ এন জি চিৰ বৰহোলাত থকা জি জি এচৰ পৰা চাৰিগাঁৱত থকা অইলৰ পাম্পিং ষ্টেচনলৈ এই পাইপ লাইনেৰে তেল সৰবৰাহ হয় ৷ ঘটনাৰ কাৰণ জানিব পৰা নাই৷
Comments