গুৱাহাটী,২৩ জানুৱাৰী:তিতাবৰ আৰক্ষীৰ সফলতা। কেইবা লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ কৰাত সফল হৈছে তিতাবৰ আৰক্ষী। ধোদৰ আলিত এক অভিযান চলাই আৰক্ষীয়ে দীৰ্ঘ দিনৰ পৰা ড্ৰাগছ ব্যৱসায় কৰি থকা ব্যৱসায়ী বাবুল হুছেইন ওৰফে নেউলাক লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক কৰে।
এ এছ ০৪ ডি ১৬১৯ নম্বৰত এলএ গাড়ী খনত দহটা কণ্টেইনাৰৰ সৈতে তিতাবৰলৈ আহি থকা অৱস্থাত আটক কৰা হয় ব্যৱসায়ী জনক।
এক গোপন সূত্ৰৰ পম খেদি, গোলাঘাটৰ কমাৰবন্ধা ৰেল ষ্টেচনৰ পৰা তিতাবৰৰ আৰক্ষীয়ে খেদি আহি কাকডোঙা নদীৰ পাৰত বগী আই সত্ৰৰ ওচৰত ড্ৰাগছ বেপাৰীটোক গ্ৰেপ্তাৰ কৰে।ড্ৰাগছ বেপাৰীটোৱে ড্ৰাগছ সমূহ আৰক্ষীৰ চকুত ধূলি দিয়াৰ উদ্দেশ্য গাড়ীৰ পিছফালে গোপন চেম্বাৰ বনাই ড্ৰাগছ সমূহ লুকুৱাই আনিছিল।
উল্লেখ্য যে কিছুদিন পূৰ্বে শিৱসাগৰত আৰক্ষীৰ অভিযানত বাবলুৰ ভাতৃ ড্ৰাগছ সহ গ্ৰেপ্তাৰ হৈছিল।।আৰক্ষীয়ে ড্ৰাগছ বেপাৰীটোক জেৰা চলাই আছে।আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিলে আৰু বহু কেইজন যুৱক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।
Comments