Classifieds
View All
সোণাৰি, ২৩ জানুৱাৰী: দেশৰ অন্যান্য ঠাইৰ লগতে আজি সোণাৰিতো নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন পালন কৰা হয়। সোণাৰি নেতাজি সংঘৰ উদ্যোগত এই উপলক্ষে আজি পুৱা সোণাৰি পৌৰ এলেকাত দেশপ্ৰেমমূলক গীত সম্প্ৰচাৰ কৰা হয়।
ইয়াৰ পিছতে সোণাৰি ক’র্ট তিনিআলিত অৱস্থিত সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিস্থলীত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক শৰৎ বৰকটকী, চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, আৰক্ষী অধীক্ষক সুধাকৰ সিং আৰু সোণাৰি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তিলক নেওগে নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যঅৰ্পণ, পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি ভাষণ দিয়ে।
অনুষ্ঠানত সোণাৰিৰ ভালে সংখ্যক বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।
Comments