লাহোৱাল, ২৩ জানুৱাৰীঃ ডিব্ৰুগড় চহৰৰ উপকন্ঠ অঞ্চল বকুল জাপিসজীয়া গাঁৱৰ বান্ধৈ কৃষিপামত আজি অসমৰ এগৰাকী আগশাৰীৰ লেখক-কবি ভূষনজ্যোতি সন্দিকৈৰ শেহতীয়া গীত 'উদাসী গধূলি'ৰ শুভমুক্তি দিয়া হয়। আজি আনুষ্ঠানিকভাৱে এক সেউজীয়া পৰিৱেশত গীতটি উন্মোচন কৰে অসমৰ বিশিষ্ট নাট্যকাৰ, কবি আৰু সমালোচক ৰফিকুল হুছেইনে।
লেখক-সাংবাদিক যাদব গগৈয়ে আঁতধৰা এই অনুষ্ঠানত ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওঁগ, সঞ্জীৱ নন্দী, ৰতন হাজৰিকা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, লাহোৱাল প্ৰেছ ক্লাৱৰ সভাপতি মুক্তামণি হাজৰিকাই অতিথি হিচাবে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অসমৰ বিভিন্ন কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ থকা সংগীত শিল্পী, নাট্যকৰ্মী, সমাজ সংগঠকৰ লগতে উদ্যমী কৃষকসকলে অংশগ্ৰহণ কৰাৰ পৰিলক্ষিত হয়।
আজি অনুষ্ঠানৰ আৰম্ভণিত বাওঁপন্থী নেতা বলিন্দ্ৰ শইকীয়াই এটি গীত পৰিবেশন কৰি উপস্থিত ৰাইজক আল্পুত কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় বান্ধৈ কৃষিপামৰ সভানেত্ৰী অৰ্পনা বৰাই। উল্লেখ্য যে কবি-লেখক ভূষনজ্যোতি সন্দিকৈৰ কথা, গিৰীন্দ্ৰ হালৈৰ সুৰ আৰু ধ্ৰুৱজ্যোতি বৈশ্যৰ সংগীত পৰিচালনাৰে মুক্তি দিয়া গীতটি আজিৰ পৰাই ইউটিউবকে ধৰি বিভিন্ন চ’ছিয়েল মাধ্যমসমূহত উপলব্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে এই গীতটিত কন্ঠ নিগৰাইছে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী চয়নিকা বৈশ্যই।
Comments