Classifieds
View All
ডিব্ৰুগড়, ২৩ জানুৱাৰী: ডিব্ৰুগড়ৰ ৰাণিংগেইট কদমনিত আজি এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। শৰৎ বৰাৰ বাসগৃহত বৈদ্যুতিক শ্বৰ্ট শ্বাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।
ফলত আন পাঁচ টা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। এখন সম্পূৰ্ণ নতুন অল্টো গাড়ী সহ অন্যান্য সা সম্পত্তি জাহ যায় অগ্নিকাণ্ডত। পাঁচটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পাছতেই অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ লয়। যাৰ ফলত পাচটা পৰিয়ালৰ প্ৰায় ৭০লাখ টকাৰ সা সম্পত্তি সম্পূৰ্ণ জাহ যায়। ৰিকুমনি কলিতা,যাদৱ কলিতা,দেৱু দাস,ধন ফুকন আৰু ববিতা দত্ত,শৰৎ বৰাৰ বাসগৃহ সম্পূৰ্ণ জাহ যায়।
Comments