গুৱাহাটী, ২৪ জানুৱাৰীঃ কৌতুক অভিনেত্ৰী ভাৰতী সিঙে শেহতীয়াকৈ তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াৰ সৈতে নতুনকৈ অহা এক অনুষ্ঠানৰ প্ৰচাৰৰ বাবে এক বাস্তৱধৰ্মী অনুষ্ঠানত উপস্থিত হৈছিল। এই সময়ত মিথুন চক্ৰৱৰ্তীও অনুষ্ঠানটোত উপস্থিত আছিল যাক বিচাৰকৰ আসনত দেখিবলৈ পোৱা যাব। অনুষ্ঠানটোত ভাৰতী সিঙে মিথুন চক্ৰৱৰ্তীৰ সৈতে যথেষ্ট আনন্দ কৰিছে।
ভাৰতী সিঙে অনুষ্ঠানটোৰ বাবে মিথুনৰ চুক্তিৰ ধাৰা প্ৰকাশ কৰিছে, যিটো শুনি সকলোৱে স্তম্ভিত হৈ পৰিছে। ভাৰতী সিঙে মিথুনে ষ্টাইলৰ প্ৰথম ধাৰাত কোৱা এষাৰ মন্তব্যৰ বিষয়ে কয় যে, "কেৱল ছোৱালীহে মোৰ চাৰিওফালে থাকিব লাগিব। মই ল'ৰাৰ লগত নাথাকো। এই কথা শুনি মিথুনে কয়, এয়া কি? মই কেতিয়া এনে কথা ক'লো! মোৰ ঘৰত এতিয়া কাজিয়াৰ সৃষ্টি হ'ব।"
ইয়াৰ পিছত, ভাৰতীয়ে মিথুনৰ দ্বিতীয় ধাৰাটোৰ বিষয়ে কয়, "যদিহে মই অনুষ্ঠানটোত বিচাৰক হ'ব লাগে তেতিয়া মোৰ পিছফালে কেৱল ছোৱালীহে থাকিব।
এটাও ল'ৰাই মোৰ পিছফালে হাতৰ চাপৰি বজাব নোৱাৰিব, মই ছোৱালীৰ বাহিৰে ল'ৰাৰ হাতৰ চাপৰি উপভোগ নকৰো। এই সময়ছোৱাত, অনুষ্ঠানটোত উপস্থিত থকা ছলমান খানকো ভাৰতী সিঙক সমৰ্থন কৰে। ছলমানে ভাৰতীক সমৰ্থন আগবঢ়াই কয়, " আপোনাৰ এই কথাত কোনো সন্দেহ নাই।" এই সন্দৰ্ভত মিথুনে ছলমানক কয়, "আহক, আহক এতিয়া আপুনিও ভাৰতীৰ কথাত যোগদান কৰক।
তাৰ পিছত ভাৰতীয়ে মিথুনৰ তৃতীয় ধাৰাটোৰ বিষয়ে কয়, " যদি ছোৱালী এজনীয়ে নিজৰ দক্ষতা দেখুৱাবলৈ আহে, তেন্তে তেওঁ অহাৰ লগে লগে ক'ব লাগিব – মিথুন দাদা, মই আপোনাৰ বহুত ডাঙৰ অনুৰাগী আৰু তাৰ পিছত মই ক'ম – আপোনাৰ ইয়াত স্থান নহয় আপোনাৰ স্থান মোৰ হৃদয়ত।" এইকথা শুনি ছলমান খানে জোৰকৈ হাঁহিবলৈ ধৰে।
তাৎপৰ্যপূৰ্ণভাৱে, বৰ্তমান ভাৰতীয়ে গৰ্ভধাৰণৰ দিনবোৰ উপভোগ কৰি আছে। গৰ্ভৱতী হোৱা স্বত্বেও, তেওঁ যথেষ্ট কাম কৰি আছে। তেওঁক স্বামী হৰ্ষ লিম্বাচিয়াৰ সৈতে নতুনকৈ আহিবলগীয়া অনুষ্ঠানটো পৰিচালনা কৰা দেখা যাব। মিথুনৰ উপৰিও, পৰিণীতি চোপ্ৰা আৰু কৰণ জোহৰে এই অনুষ্ঠানটোৰ বিচাৰক হিচাপে থাকিব।
Comments