গুৱাহাটী, ২৪ জানুৱাৰীঃ টাইৱানত, সুৰাপান কৰা চালকসকলক এক অদ্ভুত শাস্তি দিয়া হৈছে। শেহতীয়াকৈ টাইৱান আৰক্ষীয়ে সুৰাপান কৰি গাড়ী চলাই থাকোতে ১১ জন লোকক ধৰা পেলায়। তাৰ পিছত আৰক্ষীয়ে তেওঁলোকক মৃত লোকৰ শৰীৰ ৰখা কোঠালী পৰিষ্কাৰ কৰিবলৈ বাধ্য কৰায়, ইয়াৰ বাবে আৰক্ষীয়ে তেওঁলোকক।এখন চিকিৎসালয়লৈ লৈ যায় আৰু মাজনিশা মৃত শৰীৰ ৰখা কোঠালীটো পৰিষ্কাৰ কৰিবলৈ দিয়ে।
সকলোৱে জানে যে সুৰাপান কৰি গাড়ী চলোৱাটো কিমান বিপদজনক, তথাপিও বহুলোকে হাৰ মানি নাযায় আৰু সুৰা পান কৰাৰ পিছত, সুৰাপায়ী ব্যক্তিগৰাকীয়ে এখন গাড়ী লৈ ৰাস্তাত ওলাই আহে। অৱশ্যে, যদি ধৰা পৰে, তেনে লোকসকলক শাস্তি পোৱাৰ লগতে জৰিমনা বিহা হয়, কিন্তু সাধাৰণতে যিসকলে সুৰা পান কৰে তেওঁলোকৰ বাবে ই গুৰুত্বপূৰ্ণ নহয়। প্ৰতিখন দেশতে 'ড্ৰিংক এণ্ড ড্ৰাইভ' সম্পৰ্কে বিভিন্ন আইন আছে, কিন্তু টাইৱানৰ কিছুমান সুৰাপায়ী চালকৰ এনেধৰণৰ অদ্ভুত শাস্তি দিয়া শুনি সকলো লোকে জানি সকলোৱে আচৰিত হৈ পৰিছে।
টাইৱান আৰক্ষীৰ দ্বাৰা সুৰাপান কৰা চালকসকলক দিয়া শাস্তিৰ ছবি ছচিয়েল মিডিয়াত বাৰুকৈয়ে ভাইৰেল হৈ পৰিছে। য'ত আৰক্ষীয়ে মদ্যপান কৰা আৰু গাড়ী চলোৱা লোকসকলৰ শাস্তি হিচাপে মৃতকৰ কোঠালী পৰিষ্কাৰ কৰাইছে। এই ঘটনাৰ পিছৰে পৰা টাইৱানৰ কোছিয়ং চহৰৰ মেয়ৰে ঘোষণা কৰিছে যে, "সুৰাপান কৰি গাড়ী চলাই থকা যিকোনো ব্যক্তিক শাস্তি হিচাপে চিকিৎসালয়ৰ মৃত শৰীৰ ৰখা কোঠলী পৰিষ্কাৰ কৰিবলৈ দিয়া হ'ব।"
Comments