গুৱাহাটী, ২৪ জানুৱাৰীঃ আয়াৰলেণ্ডত সকলোকে আচৰিত কৰা এক ঘটনা সংঘটিত হৈছে। য'ত এজন মৃত ব্যক্তিয়ে পেঞ্চন লাভ কৰাৰ এক অদ্ভুত কাৰ্য্য কৰিছে। যি ধৰা পৰাৰ পিছত সকলোৱে শুনি হতবাক হৈ পৰিছে।
মূল ঘটনা অনুসৰি, এজন মৃত ব্যক্তিৰ পেঞ্চন পাবলৈ, দুজন লোকে এটা মৃতদেহ জীৱন্ত ৰূপ দি ডাকঘৰলৈ লৈ আহে তেওঁলোকে প্ৰমাণ কৰিবলৈ চেষ্টা কৰে যে ব্যক্তিজন এতিয়াও জীৱিত অৱস্থাত আছে। মৃতদেহটো এনেদৰে অনা হৈছে যে যেতিয়া মৃত ব্যক্তিগৰাকীক কৰ্মচাৰীৰ সন্মুখত থিয় কৰিবলৈ চেষ্টা কৰোৱা হয় তেতিয়া এনে দেখিবলৈ এনে লাগিব যেন মানুহজন এতিয়াও জীয়াই আছে আৰু মাহৰ পেঞ্চন লাভ কৰিব পাৰিব।
পিছত যেতিয়া অভিযুক্ত ব্যক্তিদুজনে অনুভৱ কৰে যে তেওঁলোক মিছা কথা কোৱা বুলি ধৰা পৰিছে, তেওঁলোকে তেতিয়া মৃতদেহটো হৃদৰোগত আক্ৰান্ত হোৱা হৈছে। কিন্তু বাস্তৱত সেই ব্যক্তিজন দুদিন আগতে মৃত্যুবৰণ কৰা বুলি জানিব পৰা যায়।
আয়াৰলেণ্ডৰ কাৰ্লো চহৰত পেডাৰ ডয়েল নামৰ এজন ৬৬ বছৰীয়া ব্যক্তিৰ মৃত্যু হয়, কিন্তু তেওঁৰ ৩০ বছৰীয়া ল'ৰাই এজন বন্ধুৰ সৈতে দেউতাকৰ পেঞ্চন প্ৰাপ্ত কৰাৰ এক পৰিকল্পনা কৰে। পিছত সন্দেহ হোৱাৰ পিছত, ডাকঘৰৰ কৰ্মচাৰীসকলে এটা এলাৰ্ম বজাই আৰক্ষীক ফোন কৰে। সেই সময়ত অভিযুক্ত দুজনে তাৰ পৰা পলাই যাবলৈ চেষ্টা কৰা নাছিল। বৰঞ্চ তেওঁলোকে আৰক্ষীক কয় যে, "মোৰ দেউতা এতিয়াও জীয়াই আছে।" বৰ্তমান এই বিষয় সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাই আছে।
Comments