Classifieds
View All
গুৱাহাটী, ২৪ জানুৱাৰীঃ অসমত বিগত ২৪ ঘন্টাত ২,২২৭ জন লোক নতুনকৈ ক'ভিডত আক্রান্ত হয়। ইয়াকে লৈ ৰাজ্যখনৰ সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ৪৩,৮১৬ জনলৈ বৃদ্ধি পায়। বৰ্তমান ৰাজ্যখনৰ ক'ভিড পজিটিভ ৰোগীৰ হাৰ ১২.৫৭ শতাংশ।
ৰাজ্যিক ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানলৈ ক'ভিডত ৬,১১৮ জন লোক আৰোগ্য হৈছে লগতে ১৩ জন লোকৰ ক'ভিড আক্রান্ত হৈ মৃত্যু হৈছে।
বিগত ২৪ ঘণ্টাত কৰা ৰাজ্যখনত সম্পন্ন হোৱা মুঠ ১৮,১১৭ টা ক'ভিড পৰীক্ষাৰ ভিতৰত নতুনকৈ আক্রান্ত হোৱা লোকসকল ক্ৰমে কামৰূপ মহানগৰত সৰ্বাধিক ৭৭১ জন, ডিব্ৰুগড় ১৪০ জন, যোৰহাট ১১১ জন, আৰু মৰিগাঁও ৮৪ জন।
Comments