গুৱাহাটী,২৪ জানুৱাৰী:নিৰীহ যুৱক তথা প্ৰাক্তন আছু নেতা কীৰ্তি কমল বৰাৰ ওপৰত আৰক্ষীয়ে কৰা গুলিচালনাৰ ঘটনাক তীক্ষ্ণ ভাষাৰে গৰিহণা দিছে সদৌ অসম ছাত্ৰ সন্থাই । অসম চৰকাৰক এই গুলীচালনাৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাই আছু সভাপতি দীপাংক কুমাৰ নাথে কয়, গুলিবিদ্ধ যুৱকজন যদি পংগু হয়, তাৰ দায়িত্ব কোনে লব।এনে ঘটনা কেতিয়াও সমৰ্থনযোগ্য হব নোৱাৰে।সাধাৰণ মানুহৰ নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্বহে আৰক্ষীৰ বুলি উল্লেখ কৰি নাথে কয়, চৰকাৰে শীঘ্ৰে ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা নকৰিলে ছাত্ৰ সন্থাই ৰাজপথত সংগ্ৰাম আৰম্ভ কৰিব ।
বৰ্তমান ৰাজ্যখনত এক অৰাজক অৱস্থাৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি শেহতায়াকৈ অসমত আৰম্ভ হোৱা হিটলাৰী শাসন ব্যৱস্থাৰ শীঘ্ৰে বন্ধ কৰাৰ বাবে চৰকাৰক জনালে দাবী।ইফালে গুলিবিদ্ধ ছাত্ৰ নেতাজন ড্ৰাগছ আসক্ত বুলি নগাঁও আৰক্ষীয়ে কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰি সভাপতি নাথে কয়, পূৰ্বে ৰাজ্যত সংঘটিত গুপ্তহত্যাৰ দিনবোৰত এনেধৰণৰ ঘটনা বহুত দেখিবলৈ পোৱা গৈছিল । কিন্তু এতিয়া এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নকৰিবলৈ চৰকাৰক সকীয়নী প্ৰদান কৰিলে আছু সভাপতি দীপাংক কুমাৰ নাথে ।
সভাপতি নাথে লগতে কয়, সাধাৰণ মানুহক গুলিয়াই দিয়া মানসিকতা অসম চৰকাৰ তথা আৰক্ষীয়ে পৰিহাৰ কৰক । এনেধৰণৰ ঘটনাই মানুহক চৰকাৰ তথা আৰক্ষীৰ প্ৰতি শংকাহে বৃদ্ধি কৰিব । লগতে কীৰ্তি কমল বৰাৰ ওপৰত কৰা একাউণ্টাৰৰ লগত জড়িত দোষী আৰক্ষী বিষয়াই শাস্তি পাবই লাগিব বুলি দাবী কৰে সদৌ অসম ছাত্ৰ সন্থৰ সভাপতি নাথে ।
Comments