ডিমৌ: ২৪ জানুৱাৰী: ডিমৌৰ দিচাং ৰজাবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা এখন নৈশ যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাটোত দৈব্যক্ৰমে বাছখনত থকা ৩০ জন যাত্ৰীৰ প্ৰাণৰক্ষা পৰে। জানিব পৰা অনুসৰি এক্সটিকা নামৰ গুৱাহাটীৰ পৰা দুলিয়াজান অভিমুখী AR01 M 7942 নম্বৰৰ নৈশ বাছখনৰ চালে নিয়ন্ত্ৰণ হেৰুৱাই আৰু পথৰ ওপৰতে বাগৰি পৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে নৈশ বাছ খনৰ চালক আৰু হেণ্ডিমেনজনে পলায়ন কৰে।
পিছত স্থানীয় লোকে ঘটনাৰ বিষয়ে গম পাই আৰু বাছ খনৰ গ্লাচ ভাঙি যাত্ৰীসকলক উদ্ধাৰ কৰে। এই দুৰ্ঘটনাটোত কেইবাজনো যাত্ৰী সামান্য পৰিমাণে আহত হয় আৰু পৰবৰ্তী সময়ত অন্য বাহনৰ যোগেদি যাত্ৰীসকল উজনিৰ বিভিন্ন স্থানলৈ ঘৰমুৱা হয়। বাছ খনৰ এগৰাকী যাত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি ঘন কুঁৱলীৰ বাবেই বাছখনৰ চালক জনে নিয়ন্ত্ৰণ হেৰুৱায় আৰু পথৰ দাঁতিত বাগৰি পৰে আৰু যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। পিছত বাছখনৰ গ্লাচ ভাঙি ওলাই আহিবলৈ সক্ষম হয়।
Comments