যোৰহাট: ২৪ জনুৱাৰী :অসমৰ গ্ৰামোন্নয়নৰ চালিকা শক্তিস্বৰূপ গাঁও পঞ্চায়তসমূহ অহা ১ ফেব্ৰুৱাৰীৰ পৰা অচল হোৱাৰ সম্ভাৱনাই দেখা দিছে।জটিলতা আহিব পাৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰতো।
গাঁও পঞ্চায়তসমূহত স্থায়ী কৰ্মচাৰীৰ অভাৱত চৰকাৰে ২০০৮ চনৰ পৰা ঠিকাভিত্তিক কৰ্মচাৰীৰ যোগেদি বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাম কৰাই আহিছে। কিন্তু এই ন্যূনতম পাৰিতোষিকত কাম কৰি অহা ঠিকাভিত্তিক কৰ্মচাৰীসকলে বিভিন্ন সময়ত তেওঁলোকৰ দৰমহা বৃদ্ধিকে ধৰি চাকৰিৰ নিৰাপত্তাৰ দাবী জনাই আহিছে যদিও বিভাগে বিভিন্ন সময়ত গা এৰা মনোভাৱ দি আহিছে।
সেয়ে আজি গাঁও পঞ্চায়ত ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে বিভাগীয় আয়ুক্তক লগ কৰি পুনৰবাৰ স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ দাবীসমূহ অনতিপলমে সমাধান নকৰিলে অহা ১ ফেব্ৰুৱাৰীৰ পৰা এলানি আন্দোলনৰ কাৰ্যসূচী লোৱাৰ কথা ঘোষণা কৰে।
Comments