বিলাসীপাৰা, ২৪ জানুৱাৰী:- সোমবাৰে দেশত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিলাসীপাৰাতো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। বিলাসীপাৰা মহকুমাৰ টিলাপাৰাত উদযাপন কৰা হয় এই দিৱসটি। সন্তোষপুৰ উপ স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু ইন্ডো গ্লোবেল ছোছাইটিৰ সহযোগত টিলাপাৰাৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ক্ৰীছেন্ট একাডেমীত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। কোৱা হয় যে ছোৱালী সন্তান হৈছে ঈশ্বৰৰ উপহাৰ।
কিন্তু বিভিন্ন সময়ত, বিভিন্ন কাৰণত ছোৱালীসকলে সন্মুখীন হৈ আহিছে বিভিন্ন সমস্যাৰ। উল্লেখ্য যে ২৪ জানুৱাৰী দিনটো কন্যা শিশুৰ বাবে উচৰ্গিত এটা বিশেষ দিন। প্ৰত্যেক বছৰৰ ২৪ জানুৱাৰী তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হয় ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস।’ উল্লেখ্য যে ভাৰতীয় সমাজত ছোৱালীসকলে সন্মুখীন হৈ অহা অসমতাৰ বিষয়ে মানুহক সজাগ কৰাৰ উদ্দেশ্যে ‘ভাৰত চৰকাৰৰ নাৰী আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে’ ২০০৮ চনৰ পৰা এই ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ উদযাপন কৰি আহিছে। ভাৰতীয় সমাজত ছোৱালীসকলে সন্মুখীন হৈ অহা বিভিন্ন বাধা-বিঘিনি আৰু লিংগ বৈষম্যতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্য আগত ৰাখি পালন কৰা হয় এই দিৱসটি।
ক্ৰীছেন্ট একাডেমীৰ এই অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক তথা টিলাপাৰা হাইস্কুলৰ জেষ্ঠ শিক্ষক মনোৱাৰ হুছাইন, ক্ৰীছেন্ট একাডেমীৰ প্ৰতিষ্ঠাপক তথা যুৱ সাংবাদিক ওছমান গনি, শিক্ষানুষ্ঠানটোৰ সহকাৰী জেষ্ঠ শিক্ষক আজগৰ আলী তালুকদাৰ, চিকিৎসক আক্তাৰুল হক, ইন্ডো গ্লোবেল ছোছাইটিৰ সদস্য আনোৱাৰ হুছাইন, ৰহিমা খাতুন প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল। কন্যা শিশুৰ উদ্দেশ্যে শিক্ষক মনোৱাৰ হুছাইনে কয় যে, 'বাল্য বিবাহ প্ৰথা বন্ধ নহলে আমাৰ সমাজ ব্যবস্থা ধ্বংস হৈ যাৱ।' অনুষ্ঠানত বক্তা সকলে কন্যা সন্তানৰ অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধি, বাল্য বিবাহ বন্ধ কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে ছোৱালীৰ শিক্ষা, স্বাস্থ্য আৰু পুষ্টিৰ গুৰুত্বৰ ওপৰতো সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাষণ আগবঢ়ায়।
Comments