লখিমপুৰ, ২৪ জানুৱাৰী ; লখিমপুৰত ২২ জানুৱাৰীৰ পুৱতি নিশাই আৰক্ষীৰ বেহু ভাঙি পলোৱা দুধৰ্ষ অপৰাধী গেৰজাইক ঢকুৱাখনা আৰক্ষীয়ে আজি পুনৰ গ্ৰেপ্তাৰ কৰে ।
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কোভিড ৱাৰ্ডৰ পৰা পলায়ন কৰা দুধৰ্ষ ডকাইত গেৰজাই ওৰফে ৰাজু বৰুৱা আৰক্ষীৰ মুৰৰ কামোৰণি হৈ পৰাৰ লগতে আৰু মানুহৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল । ২০২১ ৰ ২৪ ছেপ্টেম্বৰত ঢকুৱাখনাত আৰক্ষীয়ে এন্কাউন্তাৰ কৰি আটক কৰিছিল গেৰজাইক । পৰবৰ্তী সময়ত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কৰা হৈছিল ডকাইত টোক ।
শেহতীয়া কৈ লখিমপুৰ জিলা কাৰাগাৰত ৰখা গেৰজাইক কিছুদিন পূৰ্বে চিকিৎসা প্ৰদান কৰি থকা হৈছিল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কোভিড ৱাৰ্ডত ।কিন্তু আৰক্ষীৰ বেহুত চিকিৎসাধীন হৈ থকা ডকাইতটোৱে ২২ জানুৱাৰী শনিবাৰে সুবিধা বুজি পলায়ন কৰে আৰক্ষীৰ চকুত ধূলি দি । এই ঘটনাই লখিমপুৰ আৰক্ষীৰ কৰ্তব্যৰ নামত চলা সোপাধিলা স্বৰূপটো উদঙাই দিয়াৰ লগতে উচ্চপদস্ত আৰক্ষী বিষয়াৰ দায়িত্বৰ প্ৰতি অৱহেলাৰ স্বৰূপ উদঙাই দিছিল যদিও ঢকুৱাখনা আৰক্ষীয়ে গেৰজাইক আজি পুনৰ গ্ৰেপ্তাৰ কৰে ।
হত্যা,ডকাইতি, অপহৰণ আদিকে কৰি কেইবাটাও অভিযোগত অভিযুক্ত আছিল দুৰ্ধৰ্ষ অপৰাধীটোৱে ২০২১ চনৰ ২৪ ছেপ্টেম্বৰ শুকুৰবাৰে নিশা ৮ বজাত ঢকুৱাখনা সদৰ থানাৰ অ’চি নিৰঞ্জন বৰুৱা আৰু মহকুমা আৰক্ষী বিষয়া সৌমাৰজ্যোতি ভূঞাৰ নেতৃত্বত চলা এক অভিযানত প্ৰায় ২ ঘণ্টা ধৰি কপহুৱা গাঁৱৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰি গ্ৰেপ্তাৰ কৰিছিল । ঢকুৱাখনা জালভাৰী গাঁৱৰ গেৰজাইৰ বিৰুদ্ধে পূৰ্বেও বিভিন্ন হত্যাৰ অভিযোগ আছিল। অপৰাধীটোৰ পৰা আৰক্ষীয়ে দুখন খুকুৰি,এযোৰ আৰ্মী পোছাক জব্দ কৰিছিল ।
উল্লেখ্য যে গুলিবিদ্ধ গেৰজাইৰ বিৰুদ্ধে ঢকুৱাখনা ,ঘিলামৰা আৰু গোগামুখ থানাত হত্যা,ডকাইতি, অপহৰণ আদিকে কৰি ৮ টাৰো অধিক গোচৰ ৰুজু হৈ আছিল । অৱশেষত যোৱা তিনিদিন ধৰি ঢকুৱাখনা আৰু সোনাৰী চাপৰি আৰক্ষীয়ে দিনে নিশাই অভিযান চলোৱাৰ পাছত আজি ঢকুৱাখনা থানাৰ অ চি মণ্টুৰাম বৰাৰ নেতৃত্বত ভাটি জালভাৰীৰ ডিম্বেশ্ব কোঁচ নামৰ এজন লোকৰ ঘৰত আত্মগোপন কৰি থকাৰ অৱস্থাত কৰায়ত্ত্ব কৰে ।
Comments