গুৱাহাটী,২৪ জানুৱাৰী:বুধবাৰে গণতন্ত্র দিৱস উপলক্ষে কেইটামান নতুন নিয়ম ঘোষণা কৰিলে দিল্লী আৰক্ষীয়ে। গণতন্ত্র দিৱসৰ অনুষ্ঠানত কোন কোন উপস্থিত থাকিব পাৰিব, কি কি নিয়ম মানি চলিব লাগিব, সেই বিষয়ত নির্দেশ জাৰি কৰা হৈছে।
জাৰি কৰা বিবৃতিত ঘোষণা কৰা হৈছে, কৰ'না পৰিবেশত কোনো বিদেশী বিশিষ্ট ব্যক্তি নতুন দিল্লীৰ ৰাজপথৰ পেৰেডত অতিথি হিচাবে উপস্থিত নাথাকে। দেশৰ বিশিষ্ট ব্যক্তিসকলেই উপস্থিত থাকিব। এইবাৰৰ অনুষ্ঠানত ৫-৮ হাজাৰ মানুহ উপস্থিত থাকিব পাৰিব। তাৰ উপৰি ১৫ বছৰৰ তলৰ কোনো পেৰেড অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব।
অমিক্রনৰ কাৰণেও নতুন নিয়ম জাৰি কৰা হৈছে। ক'ভিড টীকাৰ দুটা পালি নল’লে পেৰেড অনুষ্ঠানত প্রবেশাধিকাৰ নাই। ক'ভিড প্র'ট'কল মানি উপস্থিত হ’ব পাৰিব অনুষ্ঠানত। দুটা পালিৰ চার্টিফিকেট দেখুৱালেহে প্রবেশৰ অনুমতি দিয়া হ’ব। অনুষ্ঠানত মাস্ক পিন্ধাটোও বাধ্যতামূলক। প্রতিখন গে’টত থাৰ্মেল চেকিংঙৰ ব্যৱস্থাও কৰা হ’ব।
Comments