চেলেংহাট ২৪জানুৱাৰীঃ কলাত্মক চিন্তাৰে নাট পৰিবেশন কৰি এক অসমত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা মৰিয়নিৰ নকছাৰিৰ যুৱক ড° জিনতু হাজৰীকা আৰু নাই। কালি নিশা প্ৰায় ১১ -৩০ বজাত নকছাৰিৰ মাছখোৱাস্থিত নিজ বাসগৃহত হাজৰীকাৰ মৃত্যু হয়। উল্লেখ্য ড° হাজৰীকাই বিগত দুটা বছৰ স্নায়ুজনিত দুৰাৰোগ্য মটৰ নিউৰু ৰোগত আক্ৰান্ত হৈ শৰ্য্যাগত হ'ব লগা হৈছিল আৰু শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হাজৰীকাৰ চেন্নাইত চিকিৎসাৰ ব্যৱস্থা কৰি দিছিল যদিও এই জটিল ৰোগৰ পৰা শেষ উদ্ধাৰ নাপালে। ফলত মাথো জীৱনৰ ৪৬ বছৰ বয়সতে অসমৰ এক যুৱ প্ৰতিভা হেৰাই গ'ল।
ড° জিনতু হাজৰীকাই মৰিয়নী মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতক ডিগ্ৰীধাৰী হৈ কটন মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।ইয়াৰ পাছত গুৱাহাটি বিশ্ববিদ্যালয়ৰ পৰা ড° নবীনচন্দ্ৰ শৰ্মাৰ তত্বাৱধানত সোনোৱাল কছাৰীৰ লোক সংস্কৃতিৰ ওপৰত গৱেষণা কৰি পি এইছ ডি ডিগ্ৰী গ্ৰহণ কৰে। হাজৰীকাই নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হোৱাৰ লগতে মৰিয়নি আঞ্চলিকৰ আছুৰ সভাপতি আৰু যোৰহাট জিলা আছুৰ উপদেষ্টা পদ অলংকিত কৰি গৈছে।পৰৱৰ্তী সময়ত আছুৰ পৰা অব্যাহতি লৈ নকছাৰি জাতীয় বিদ্যালয় স্থাপন কৰি কৰ্মজীৱন আৰম্ভ কৰে।ছাত্ৰ অৱস্থাত অভিনয় জীৱনত দক্ষতা থকা হাজৰীকাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত শ্ৰেষ্ঠ সহ অভিনেতা লাভ কৰিছিল ।
এই অভিনয় কলা পৰৱৰ্তী সময়ত অক্ষুন্ন ৰাখি নাট্য চৰ্চা অব্যাহত ৰাখে আৰু গিৱন কুশীলৱ নাট্যগোষ্ঠী নামেৰে নকছাৰিত এক অপেছাদাৰী নাট্যগোষ্ঠী ২০০০ চনত জম্ম দিয়ে।ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত 'লভিতা' নাটকখন পৰিচালনা কৰি অসমৰ বিভিন্ন মঞ্চত পৰিবেশন কৰি বিশেষ সমাদাৰ বুটলিবলৈ সক্ষম হয়। ইয়াৰ পাছত "জৰৌৰৱা পৰজা" "টেটোন তামূলী ক্ৰিয়া-প্ৰতিক্ৰিয়া", "কাৰেঙৰ লিগিৰী", "ৰূপালীম" নাটককে ধৰি বহু কেইখন নাটক পৰিচালনা কৰি মঞ্চায়ন কৰে।ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম সেনানী গমধৰ কোঁৱৰৰ উদ্ধাৰিত তথ্য কু-মৌ-কুৱানৰ আধাৰত "সাঁচিপাতৰ পুথিৰ পৰা মই গমধৰে কৈছো" শীৰ্ষক নাটখনি ৰচনা তথা পৰিচালনা কৰি অসমৰ বিভিন্ন মঞ্চত অভিনয় কৰি ৰজাঘৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে নকছাৰিৰ ৰজাবাৰী তৰালীত গমধৰ কোঁৱৰ স্মৃতি ৰক্ষাৰ্থে সংগ্ৰাম আৰম্ভ কৰে ড° হাজৰীকাই।
গমধৰ কোঁৱৰ ম্মৃতি উদ্যান সুৰক্ষা সমিতি গঠন কৰি ৰজাবাৰীত গমধৰ কোঁৱৰ ম্মৃতি উদ্যান গঢ়ি তোলে। হাজৰীকাই নিজা ৰচিত আৰু পৰিচালিত নাটসমূহ হ'ল "নাংচেং কুঁৱৰী", "নীলা পাহাৰৰ ডালিমী", "যমপুৰীত এদিন" আৰু "যুঁজাৰু দ্যা ফাইটাৰ"।প্ৰকাশিত কবিতা পুথি "নেপোলিয়ান কৰ্ণ চ্যুকাফা ডালিমী প্ৰেম যৌনতা ইত্যাদি"। প্ৰৱন্ধ ৰচনা "দেওলগা সময়" আৰু গৱেষণা গ্ৰন্থ "সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকসংস্কৃতি"। হাজৰীকাই মৰিয়নি বিধান সভাৰ ২০১৬ চনৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দিত কৰিছিল যদিও সফল হোৱা নাছিল। ১৯৭৬ চনৰ ১ ফেব্ৰুৱাৰীত প্ৰসাদ হাজৰীকা আৰু কণমাই হাজৰীকাৰ চতুৰ্থ ল'ৰা সন্তানৰূপে জম্ম গ্ৰহণ কৰা হাজৰীকাই মৌচুমী গগৈৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।হাজৰীকাৰ মৃত্যুৰ খবৰ বিয়পাৰ লগে লগে তেখেতৰ গৃহলৈ গুণমুগ্ধ সোঁত হয়।হাজৰীকাৰ নশ্বৰ দেহ শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰজাবাৰী গমধৰ কোঁৱৰ ম্মৃতি উদ্যান, নকছাৰি জাতীয় বিদ্যালয় আৰু দেবেৰাপাৰ চাৰিআলিস্থিত আছুৰ শ্বহীদ বাকৰি আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু উদ্যান প্ৰাংগনত শ্ৰদ্ধাঞ্জলি জনায় বিভিন্ন দল সংগঠনে।
নকছাৰি আছু, তিতাবৰ মহকুমা আছু, যোৰহাট জিলা আছু, আটাছু নকছাৰী শাখা, আটছা নকছাৰী আঞ্চলিক, বীৰ লাচিত সেনা, লাহিং আঞ্চলিক আছু , অসম সেনা, দেবেৰাপাৰ ব্যৱসায় সন্থা, মৰিয়নি, নকছাৰি প্ৰেছ ক্লাৱ, আপকু, গিৱন কুশীলৱ নাট্যগোষ্ঠী, নকছাৰি ম'ডেল ইংলিছ হাইস্কুল, কৃষক মুক্তি, ৰাইজৰ দল, সত্ৰ মহাসভা, মৰিয়নি কৰ্মচাৰী পৰিষদ প্ৰমূখ্যে শেষ শ্ৰদ্ধাঞ্জলী জনায়।হাজৰীকাৰ মৃত্যুত মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মী, সাংসদ তপন কুমাৰ গগৈ, শিৱসাগৰ বিদ্যালয় পৰিদৰ্শক কমলজ্যোতি গগৈ, নাট পৰিচালক ড° নীলিম চেতীয়া প্ৰমূখ্যে বহু বিশিষ্ট ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে।বিয়লি ড° হাজৰীকাৰ শেষ কৃত্য মাছখোৱাৰ গৃহ গাঁওত সম্পন্ন হয়।
Comments