গুৱাহাটী, ২৫ জানুৱাৰীঃ যদি এটা জন্তুৱে ৰং বুজি নাপায় তেন্তে কি হ'ব? ঠিক এনে এক ঘটনা পোহৰলৈ আহিছে য'ত ইউৰোপ আৰু উত্তৰ আফ্ৰিকাৰ সচৰাচৰ পোৱা জাম্পিং মকৰাৰ ক্ষেত্রত ৰং চিনি নোপাৱা বুলি জানিব পৰা গৈছে। অৰ্থাৎ, এই মকৰাটোৱে কোনো ৰং পৃথক কৰিব নোৱাৰে। মকৰাটোৰ বাবে, ৰঙা হওক বা সেউজীয়া হওক, নীলা হওক বা বেঙুনীয়া হওক, সকলো ৰং ক'লা হিচাপে দেখা পায়।
এক বিশেষ প্ৰতিবেদন অনুসৰি, এই গৱেষণাটো 'দ্যা চাইন্স অৱ নেচাৰ' (The Science of Nature)ত প্ৰকাশিত হৈছে আৰু যাক চেটিছ বাৰ্বিপছে পৰীক্ষা কৰিছে। এই গৱেষণাটো চিনচিনাটি বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক নাথান ম'ৰেহাউচ আৰু হামবুৰ্গ বিশ্ববিদ্যালয়ৰ চিন্থিয়া টেডৰৰ নেতৃত্বত এটা আন্তৰ্জাতিক দলে কৰিছে।
পিটছবাৰ্গ বিশ্ববিদ্যালয়ৰ গৱেষক ডেভিদ আউটমুৰোৱে এই বিষয় সন্দৰ্ভত কৈছে যে, "প্ৰথমতে আমি ভাবিছিলো যে মকৰাটোৱে যোগাযোগৰ বাবে ৰং ব্যৱহাৰ কৰি আছে, কিন্তু আমি নাজানো যে মকৰাটোৱে ৰং চিনিব পাৰে নে নোৱাৰে। পিছত যেতিয়া বিজ্ঞানীয়ে এটা পৰীক্ষা কৰে, য'ত ৰঙা ৰঙৰ বস্তু আৰু ক'লা ৰঙৰ বস্তুৰ ক্ষেত্রত জাম্পিং মকৰাটোৰ একেই প্ৰতিক্ৰিয়া দেখা গৈছে। এই মকৰাটোৰ ৰং উজ্জ্বল সেউজীয়া, তাৰ বাবে সিহঁতে অতিবেঙুনীয়া ৰশ্মি শোষণ কৰে। সেয়েহে বহুতো পৰীক্ষাৰ অন্তত বিজ্ঞানীসকলো এই সিদ্ধান্তত উপনীত হৈছে যে এই মকৰাটো ৰঙৰ ক্ষেত্ৰত অন্ধ।
Comments