গুৱাহাটী, ২৫ জানুৱাৰীঃ উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচনৰ পূৰ্বে, সকলো ৰাজনৈতিক দলে জনসাধাৰণৰ মাজত শক্তিশালী প্ৰদৰ্শন দেখুওৱাৰ যথাসাধ্য চেষ্টা কৰি আছে। বৰ্তমান বিভিন্ন অংশৰ জনপ্ৰিয় লোকসকলে ৰাজনৈতিক দলবোৰত যোগ দিয়াৰ এটা প্ৰচাৰ চলি আছে। এই ক্ৰমত, দেশৰ আটাইতকৈ ওখ ব্যক্তি ধৰ্মেন্দ্ৰ প্ৰতাপ সিঙে সমাজবাদী পাৰ্টিত যোগদান কৰিছে।
উত্তৰ প্ৰদেশৰ মিৰাটত বাস কৰা ধৰ্মেন্দ্ৰ প্ৰতাপ সিঙৰ বয়স ৪৬ বছৰ। ধৰ্মেন্দ্ৰ ভাৰতৰ আটাইতকৈ ওখ মানুহ। তেওঁৰ উচ্চতা ৮ ফুট ১ ইঞ্চি। ধৰ্মেন্দ্ৰ পৃথিৱীৰ আটাইতকৈ ওখ ব্যক্তিতকৈ মাত্ৰ ১১ চেমি চাপৰ। ধৰ্মেন্দ্ৰ তেওঁৰ শৰীৰৰ উচ্চতাৰ বাবে জনাজাত কিন্তু ইয়াৰ আঁৰত লুকাই থকা তেওঁৰ অসুবিধাৰ বিষয়ে খুব কমসংখ্যক লোকেহে অৱগত।
ধৰ্মেন্দ্ৰ প্ৰতাপ সিঙে এক বিশেষ বাৰ্তালাপত কৈছে যে, "মই নিবনুৱা, কিয়নো মোৰ শৰীৰৰ উচ্চতাৰ বাবে মই কতো চাকৰি পোৱা নাছিলো। কিয়নো মই যিকোনো ঠাইলৈ যাবলৈ হ'লে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। দেশৰ আটাইতকৈ ওখ ব্যক্তি হোৱা স্বত্বেও, মই কোনো ৰাজনৈতিক দলৰ পৰা সহায় লাভ কৰা নাছিলোঁ। কেৱল সমাজবাদী পাৰ্টিয়েহে মোৰ অৱস্থাৰ বিষয়ে অৱগত হৈছে আৰু মোক সহায় কৰিছে।"
ইপিনে, অখিলেশ যাদৱৰ প্ৰশংসা গুণ গাই তেওঁ কয় যে, "সমাজবাদী পাৰ্টিৰ প্ৰধান অখিলেশে কঠিন সময়ত মোক সমৰ্থন কৰিছে। যাৰ বাবে মই সমাজবাদী পাৰ্টিৰ অংশ হ'ব পাৰিছো আৰু অধিকসংখ্যক লোকক এই দলৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ।"
বৰ্তমান, ধৰ্মেন্দ্ৰ সিঙে সমাজবাদী পাৰ্টিত যোগদান কৰাটো বাতৰিৰ শিৰোনাম দখল কৰিছে। অখিলেশ যাদৱৰ সৈতে তেওঁৰ ফটোবোৰ ইণ্টাৰনেটত বহুপৰিমাণে ভাইৰেল হৈ পৰিছে। ইয়াৰ লগতে ওখ ব্যক্তি ধৰ্মেন্দ্ৰ সিঙে জনসাধাৰণৰ মাজত গৈ সমাজবাদী পাৰ্টিৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে।
উত্তৰ প্ৰদেশৰ ৪০৩ খন আসনৰ বাবে বিধান সভাৰ নিৰ্বাচন চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। উত্তৰ প্ৰদেশত, ১০ ফেব্ৰুৱাৰী, ১৪ ফেব্ৰুৱাৰী, ২০ ফেব্ৰুৱাৰী, ২৩ ফেব্ৰুৱাৰী, ২৭ ফেব্ৰুৱাৰী, ৩ মাৰ্চ আৰু ৭ মাৰ্চত মুঠ ৭ টা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চ ২০২২ তাৰিখে ঘোষণা কৰা হ'ব।
Comments