গুৱাহাটী,২১ জানুৱাৰী:উত্তৰ প্রদেশৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ বিৰুদ্ধে গোৰখপুৰত প্রার্থী হ’ব দলিত নেতা চন্দ্রশেখৰ আজাদ ৰাৱণ। সূত্রৰ খবৰ মতে, আজাদ সমাজ পার্টিৰ প্ৰধান চন্দ্ৰশেখৰক কংগ্রেছেও উক্ত আসনত সমর্থন জনাব পাৰে।
অখিলেশ যাদৱৰ সমাজবাদী পার্টিৰ সৈতে জোঁটবন্ধনৰ সম্ভাৱনা আছিল চন্দ্ৰশেখৰৰ দলৰ৷ কিন্তু শেষ পর্যন্ত একক শক্তিতে উত্তৰ প্রদেশ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লয় ৩৪ বছৰীয়া দলিত নেতাজনে। অৱশ্যে কিছু আসনত বুজাবুজিৰ বিষয়ত কংগ্রেছৰ সৈতে তেওঁলোকৰ আলোচনা চলা বুলিও প্ৰকাশ কৰিছে।
চন্দ্রশেখৰৰ সামাজিক সংগঠন ভীম আর্মিয়ে বিগত কেইবা বছৰত বিভিন্ন ৰাজ্যত দলিত আৰু অনগ্রসৰসকলৰ অধিকাৰ ৰক্ষাৰ যুঁজত অংশ লৈছে। উত্তৰ ভাৰতত নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনতো গুৰুত্বপূর্ণ ভূমিকা লৈছিল চন্দ্রশেখৰে। শাহিনবাগ সমাবেশত যোগ দি জে’ললৈও গৈছিল। ২০২০ চনৰ মার্চ মাহত ৰাজনৈতিক দল আজাদ সমাজ পার্টি গঠন কৰে তেওঁ।
Comments