গুৱাহাটী, ২১ জানুৱাৰীঃ ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয়ে শুকুৰবাৰে পৃথকে ৰাজ্যকেইখনৰ ৫০ তম ৰাজ্যিক দিৱস উদযাপন কৰে।
এই ৰাজ্যিক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু চুবুৰীয়া উত্তৰ-পূবৰ ৰাজ্যসমূহৰ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী তথা মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে।
ইপিনে, টুইটাৰযোগে মোদীয়ে এই ৰাজ্যিক দিৱস উপলক্ষে কয় যে, "মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাবাসীক ৰাজ্যৰ দিৱস উপলক্ষে শুভেচ্ছা জনাইছো। এই ৰাজ্যসমূহে ভাৰতৰ উন্নয়নত জীৱন্ত অৱদান আগবঢ়াই আছে। তেওঁলোকৰ নিৰন্তৰ প্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।"
১৯৪৯ চনৰ অক্টোবৰ মাহত ত্ৰিপুৰা আৰু মণিপুৰৰ পূৰ্বৰ ৰাজকীয় ৰাজ্যসমূহক ভাৰতীয় সংঘত একত্ৰিত কৰা হয় আৰু ১৯৭২ চনৰ ২১ জানুৱাৰীত পূৰ্ণাংগ ৰাজ্য হিচাপে পৰিগণিত হয়। সেই একেদিনাই এখন পূৰ্ণাংগ ৰাজ্য হোৱাৰ আগতে মেঘালয় অসমৰ অংশ আছিল।
Comments